ASSAM TIMES POST
ডিফুঃ ১৫০ বছৰীয়া গান্ধী জয়ন্তী উপলক্ষে ১৫ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ সমগ্ৰ দেশজুৰি বিজেপিয়ে আৰম্ভ কৰা গান্ধী সংকল্প যাত্ৰাৰ অংশ স্বৰূপে বিজেপি শাসনাধীষ্ট কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদেও আজি ছ’চেংধেণ্টা পৰিষদীয় সমষ্টিৰ পাৰ্কুপ আংলঙত ষষ্ঠদিনৰ বাবে দশম গান্ধী সংকল্প পদযাত্ৰা উলিয়ায়৷
সংকল্প পদযাত্ৰাত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, সাংসদ হৰেণছিং বে’, বিধায়ক জয়ৰাম ইংলেঙকে ধৰি পৰিষদৰ কেইবাগৰাকী ইএম আৰু এমএচিয়ে অংশ গ্ৰহণ কৰে৷
গান্ধী সংকল্প পদযাত্ৰাৰ জৰিয়তে বিজেপি কৰ্মী সকলে কাৰ্বি আংলঙৰ চুকে-কোণে জাতিৰ পিতা মহাত্মা গান্ধীৰ বাৰ্তা ক্ৰমে, অহিংসা, পৰিষ্কাৰ-পৰিচছন্নতা, সৰলতা, আৰু প্লাষ্টিক ব্যৱহাৰৰ ভয়াবহতাৰ সচোতনতাৰ ওপৰত সজাগতা আদি বিয়পাই দিয়াৰ বাবে সংকল্পবদ্ধ হৈছে৷ সংকল্পযাত্ৰাত বিজেপি নেতা কৰ্মীসকলক মাৰ্জিত সাজ-পোছাক পৰিধান কৰা পৰিলক্ষিত হয়৷