![]()
মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট (Maharastra Political Crisis)ক কেন্দ্ৰ কৰি সকলোফালে এতিয়া উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে ৷ গুৱাহাটীত শিন্দে শিবিৰ (Shinde Camp)ৰ সৈতে থকা ১৫ জন বিদ্ৰোহী বিধায়কে যোগাযোগ ৰাখিছে উদ্ধৱ বাহিনীৰ সৈতে। এই দাবী উত্থাপন কৰিছে উদ্ধৱৰ পুত্ৰ আদিত্য থাকৰে (Uddhav’s son Aditya Thackeray)ই। কেৱল সেয়াই নহয়, বালাচাহেবৰ নাতিয়ে দাবী (Claim) কৰা মতে ‘বিদ্ৰোহী বিধায়কসকলে এই অনুৰোধ কৰিছিল যাতে তেওঁলোকক গুৱাহাটীৰ পৰা উভতাই মুম্বাইলৈ পঠিয়াব পৰা যায়।’
বাইকুল্লাত শিৱ সৈনিকসকলৰ সৈতে হোৱা কথা-বতৰাত আদিত্যই কয়, “গুৱাহাটীত দুটা গোট আছে। ১৫ৰ পৰা ১৬ জনীয়া এটা গ্ৰুপ আছে। তেওঁলোকৰ আমাৰ লগত যোগাযোগ আছে। আনহাতে, যিসকল তাত আছে তেওঁলোকৰ কোনো সাহস নাই, কোনো নৈতিকতা নাই।”

বিদ্ৰোহীক লক্ষ্য কৰি উদ্ধৱ-পুত্ৰই কয়, “এই বিধায়ক (বিদ্ৰোহী) কেইজনমানে লাখ লাখ কোটি টকাত নিজকে বিক্ৰী কৰিছে। যেতিয়া মুখ্যমন্ত্ৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল তেতিয়াই তেওঁলোকে নিজকে বিক্ৰী কৰি দিলে। মই তেওঁলোকক সুধিব বিচাৰো, মানৱতা নাই নেকি? “
তেওঁ আৰু কয়, ‘কংগ্ৰেছ আৰু এন চি পিয়ে প্ৰতাৰণা কৰিব বুলি বহুতে কৈছে। কিন্তু আমাৰ মানুহে প্ৰতাৰণা কৰিলে। বহু বিধায়ক আছিল মদাহী আৰু ৰিক্সাচালক, আমি তেওঁলোকক মন্ত্ৰী পাতিলোঁ। ২০ মে’ত উদ্ধৱ থাকৰে নিজেই একনাথ শিণ্ডেক মুখ্যমন্ত্রী হিচাপে প্রস্তাৱ আগবঢ়াইছিল৷ তেওঁ তেতিয়া নাটকখন কৰিছিল।’













