![]()
নিশা ঘৰলৈ উভতাৰ পথত চলন্ত গাড়ীত মাতৃ আৰু জীয়ৰীক গণধর্ষণৰ অভিযোগ উঠিল হৰিদ্বাৰৰ ৰুঢ়কিত।
আৰক্ষী সূত্র মতে, এটি ধর্মীয় স্থানৰ পৰা দেওবাৰে নিশা ঘৰলৈ উভতিছল এগৰাকী মহিলা আৰু তেওঁৰ ছবছৰীয়া শিশুকন্যা। ৰাস্তায় সোনু নামৰ এজন ব্যক্তিয়ে গাড়ীৰে তেওঁলোকক ঘৰত থৈ অহাৰ প্রস্তাব দিয়ে মহিলাগৰাকীক। সেই সময়ত গাড়ীত আছিল সোনুৰ আন কেইবাজনো বন্ধু।
ইয়াৰ পিছতেই চলন্ত গাড়ীত মহিলাগৰাকী আৰু তেওঁৰ কন্যাক গণধর্ষণ কৰা বুলি অভিযোগ। ঘটনাৰ পিছত এটি নলাত তেওঁলোকক পেলাই থৈ যোৱাৰো অভিযোগ।
কিন্তু কিবা প্ৰকাৰে উক্ত অৱস্থাতে থানাত উপস্থিত হয় মহিলাগৰাকী। তাৰ পিছতেই তেওঁ অভিযোগ দাখিল কৰে। কিন্তু গাড়ীত ঠিক কিমানজন ব্যক্তি আছিল, সেয়া স্পষ্টভাবে ক’ব পৰা নাই নির্যাতিতাই। কেৱল সোনুৰ নাম উল্লেখ কৰে তেওঁ। মহিলাগৰাকীৰ দাবী, গাড়ী চলাইছিল সোনুৱে।
ৰুঢ়কিৰ অসামৰিক হস্পিটেলত মহিলাগৰাকী আৰু শিশুটিক ভর্তি কৰোৱা হৈছে। অভিযুক্তসকলৰ সন্ধানত তালাচী চলাইছে আৰক্ষীয়ে।












