আজি সমগ্ৰ বিশ্বজুৰি মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অভিযান অব্যাহত থকাৰ সময়তে কাৰ্বি আংলং জিলা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে এলানি সফল অভিযান চলাবলৈ সক্ষম হয়।
জিলাখনৰ সদৰ চহৰ ডিফুত আজি আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ হেৰʼইন জব্দ কৰাৰ লগতে মহিলাসহ তিনি সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হোৱাৰ পিছত আজি সন্ধিয়া ডিলাইত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ হেৰʼইনসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
ঘটনাৰ বিৱৰণ অনুসৰি, এক নিশ্চিত তথ্যৰ ভিত্তিত আজি সন্ধিয়া প্ৰায় 6 বজাত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লুটফুৰ ৰহমানৰ নেতৃত্বত তথা উপ-পৰিদৰ্শক দীপক লাহন, আকাশ গগৈ, সহকাৰী উপ-পৰিদৰ্শক জীতেন গগৈৰ সহযোগত ডিলাই আৰক্ষী আৰু চিআৰপিএফৰ এক যুটীয়া বাহিনীয়ে ডিলাই তিনিআলিত তালাচী অভিযান চলায়।
উক্ত অভিযানৰ সময়তে আৰক্ষীয়ে ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এএছ-01-ই এল-8839 নম্বৰৰ ছুজুকী ডিজায়াৰ বাহনখনত তালাচী চলাই 15 টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত 184.29 গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয়। হেৰʼইনখিনি বাহনখনৰ ডেচবʼৰ্ডৰ ভিতৰত কৌশলেৰে লুকুৱাই অনা হৈছিল। জব্দ হোৱা হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য কমেও প্ৰায় পোন্ধৰ লাখ টকা বুলি অনুমান কৰা হৈছে।
এই সন্দৰ্ভত আৰক্ষীয়ে নগাঁও জিলাৰ কচুৱা শিঙিমাৰী বজাৰৰ বাহাৰুল ইছলাম (20) নামৰ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জব্দ হোৱা নিচাযুক্ত দ্ৰব্যখিনি আৰক্ষীয়ে ড্ৰাগছ পৰীক্ষা কৰা কিটৰ জৰিয়তে হেৰʼইন বুলি নিশ্চিত কৰে।