ত্রিপুৰাৰ চাৰি বিধানসভা সমষ্টিৰ উপ-নির্বাচনত দেখা গ’ল গেৰুৱা ধুমুহা। চাৰিখন আসনৰ তিনিখনতেই বিজয়ী হয় বিজেপি। এখন আসনত জয়ী হয় কংগ্রেছ।
দেওবাৰে ফলাফল প্রকাশৰ পিছত দেখা যায়, প্রথমবাৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিয়েই জয়ী হয় ত্রিপুৰাৰ মুখ্যমন্ত্রী মানিক সাহা। বৰদোৱালি সমষ্টিৰ পৰা মানিকে লাভ কৰে ১৭,১৮১টা ভোট।
তেওঁৰ প্রতিদ্বন্দ্বী কংগ্রেছৰ দুবাৰৰ বিধায়ক আশিস সাহাই লাভ কৰে ১১,০৭৭টা ভোট। আনহাতে, দিল্লীৰ আসন আসনত আম আদমী পাৰ্টিৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ বিপৰীতে অন্ধ্ৰ প্ৰদেশত ৱাই এছ আৰ কংগ্ৰেছ আৰু ঝাৰখণ্ডত কংগ্ৰেছৰ প্ৰাৰ্থী বিজয়ী হয়।