ASSAM TIMES POST
ডিফুঃ বকলিয়াঘাটত ভকতৰূপী দুই দুৰ্বৃত্তৰ প্ৰহাৰত মহিলা আহত হোৱা ঘটনাত ক্ষোভিত হৈ পৰিছে বকলিয়াঘাটৰ মহিলা সমাজ৷ ইয়াৰ ফলত ক্ষোভৰ বৰ্হিঃপ্ৰকাশ ঘটিয়েই ৰাজপথলৈ ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মহিলা সমাজে ৷
ঘটনাৰ বিৱৰণী অনুসৰি ১৯ অক্টোবৰৰ দিনা নিশা বকলিয়াঘাট থানাৰ হগলাকাটা অৰ্জুনতল প্ৰাথমিক নামঘৰ প্ৰাঙ্গনত নিশা উপস্থিত আই মহিলা সকলে নাম প্ৰসঙ্গৰ বাবে অনুশীলনৰ ব্যৱস্থা কৰে৷ অনুশীলন চলি থকা সময়ত নামঘৰৰ কোনো বিষয়কলৈ ভকত শশী বৰা আৰু লোহিত বৰাৰ সৈতে এগৰাকী মহিলাৰ মতানৈক্য হয় ফলত উপস্থিত থকা ভকতৰূপী দুই ভণ্ডই মহিলা গৰাকীক শাৰিৰীক ভাবে আক্ৰমণ কৰি জখম কৰে ৷
দুই ভকতৰ আক্ৰমণত ব’হাগী নামৰ মহিলাগৰাকীৰ সোঁ চকুৰ ওপৰত গুৰুতৰ জখম প্ৰাপ্ত হয় ৷ উক্ত আক্ৰমণৰ পিছৰ পৰাই মহিলা গৰাকীয়ে বাওঁ চকুৰ দৃষ্টি শক্তি হেৰুৱাই ঘুৰাই পোৱা নাই ৷ মহিলাগৰাকীৰ তেজেৰে নামঘৰৰ মজিয়া ৰাঙলী হৈ পৰা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে৷
ঘটনা সংঘটিত হোৱাৰ নিশাই ভুক্তভোগী মহিলাগৰাকীয়ে বকলিয়াঘাট থানাত ভকত দুজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ আৰক্ষী মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত এক ৰুজোদি তদন্ত অব্যাহত ৰাখিছে যদিও আক্ৰমণকাৰী ভকত দুজন পলাতক অৱস্থাত থকাৰ বাবে আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হয়৷ ইফালে নামঘৰৰ দৰে পৱিত্ৰ স্থানত দুৰ্বৃত্তই মহিলাৰ তেজেৰে সিক্ত কৰা ঘটনা স্থানীয় ৰাইজে সহজভাবে লব পৰা নাই৷
ইফালে ঘটনা সংঘটিত হোৱা ৬ দিন অতিক্ৰম হোৱাৰ পিছত আক্ৰমণকাৰীক আৰক্ষী আটক কৰিবলৈ সক্ষম নোহোৱাত বৃহস্পতিবাৰে বকলিয়াঘাটত তীব্ৰ প্ৰতিবাদী কাৰ্যসুচী গ্ৰহণ কৰা হয়৷ উক্ত নিকৃষ্ট ঘটনা ছ’চিয়েল মোডিয়াতো ব্যাপক চৰ্চা লাভ কৰিছে৷ বকলিয়াঘাট ১ নং উদালি যুৱ সংঘ আৰু জ্ঞানোদয় সংঘৰ যুটীয়া উদ্যোগত আজি পুৱা উদালি যুৱ সংঘৰ প্ৰাঙ্গনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়৷
১নং উদালী যুৱ সংঘৰ সভাপতি ক্ষিতিশ শৰ্মাৰ সভাপতিত্বত আৰু গাওবুঢ়া অকণ হাজৰিকাৰ উপস্থিতিত উপস্থিত ৰাইজে এনে ঘটনাক গৰিহণা দিয়ে৷ অভিযুক্ত ভকত দুজন ৰাজহুৱা জীৱনৰ পৰা বৰ্খাস্থ কৰাৰ লগতে আৰক্ষীৰ ব্যৰ্থতাৰ বাবে সভাস্থলী উত্তপ্ত হৈ পৰে ৷ ইয়াৰোপৰি একাংশ মহিলাই বকলিঘাট থানা ঘেৰাও কৰি অসম আৰক্ষী হায়, হায়, নাৰী নিৰ্যাতন বন্ধ কৰক, অপৰাধীক গ্ৰেপ্তাৰ কৰি শাস্তি দিয়ক আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে৷
পৰিস্থিতি ভীষণ দেখি আৰক্ষীৰ এটা দলে অপৰাধী সকলৰ ঘৰতগৈ অপৰাধীৰ সন্ধান চলায় যদিও অপৰাধী পূৰ্বেই পলাবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে অপৰাধীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব আশ্বাস দিয়াৰ পিছতহে পৰিস্থিতি স্বাভাৱিক হয়৷ ভকতৰূপী দুই অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে পৰিস্থিতি অধিক অৱনতি ঘটিব পাৰে বুুলি সচেতন মহলে আশংকা ব্যক্ত কৰিছে৷