ASSAM TIMES POST
পশ্চিম কাৰ্বিআংলং: পশ্চিম কাৰ্বিআংলং জিলাৰ বৈঠালাংছ’ থানাৰ অন্তৰ্গত তামোলবাৰীত এজন লোকে নিজ পত্নীৰ গাত জুই লগাই দি নিজেই মৃত্যুক আকোঁৱালি লব লগা হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে গুজৰাটৰ কোনো কোম্পানীত কৰ্মৰত বাবলু দাস চৌদিয়ে তামোলবাৰীস্থিত নিজ ঘৰলৈ আহিলেই পত্নী সীমা দাসৰ লগত কাজিয়াত লিপ্ত হয়। আনবাৰৰ দৰে এইবাৰো দূৰ্গা পূজাত ঘৰলৈ আহিছিল বাবলু।ঘৰলৈ অহাৰ দিনৰে পৰা দুই স্বামী-স্ত্ৰীৰ মাজত মাজে মাজে কাজিয়া হৈ আছিল।
যোৱা নিশা তেওঁলোকৰ কাজিয়াই চূড়ান্ত পৰ্যায় পায়। খঙৰ ভমকতে বাবলুয়ে পত্নী সীমা দাস চৌদিক হত্যা কৰাৰ মানসেৰে গাত কেৰাচিন ঢালি জুই লগায় দিয়ে।
পত্নীৰ গাৰ জুইয়ে আহি বাবুলকো ধৰাত বাবলুয়ে নিজক বচাবলৈ দৌৰি গৈ ঘৰৰ কাষতে থকা এটা পুখুৰীত জাপ দিয়ে। দ’ পুখুৰীটোৰ পানী যথেষ্ট আছিল বাবে বাবলুয়ে পুখুৰীতে মৃত্যুক সাৱতি লব লগা হয়।
আনহাতে অৰ্ধদগ্ধ অৱস্থাত সীমা দাস চৌদিক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে যদিও ডাক্তৰে সীমাক উন্নত চিকিৎসাৰ বাবে জি.এম.চি.এইচ.লৈ প্ৰেৰণ কৰে। সম্প্ৰতি সীমায়ে জি.এম.চি.এইচত মৃত্যুৰ লগত যুঁজি আছে বুলি জানিব পৰা গৈছে।












