ৰাষ্ট্ৰপতি পদ (President candidate)ৰ প্ৰাৰ্থী হিচাপে মঙ্গলবাৰে তেওঁৰ নাম ঘোষণা কৰা হয় এনডিএৰ তৰফৰ পৰা। তাৰ পিছতে বুধবাৰে তেওঁক দিয়া হয় Z+ কেটেগৰিৰ নিৰাপত্তা। ঝাড়খণ্ডৰ প্রাক্তন ৰাজ্যপাল দ্রৌপদী মুর্মু (Draupadi Murmu)ৱে এতিয়াৰে পৰা লাভ কৰিব সশস্ত্র বাহিনীৰ নিৰাপত্তা।
উল্লেখ্য, জল্পনাৰ অৱসান ঘটাই মঙ্গলবাৰে জেপি নাড্ডাই জানিবলৈ দিয়ে যে শাসক গোষ্ঠীৰ পৰা সর্বসন্মতভাবে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নাম উঠিছে দ্রৌপদী মুর্মুৰ। তেঁৱেই এনডিএৰ ৰাষ্ট্রপতি পদপ্রার্থী। নাম ঘোষণা হোৱাৰ পিছত টুইট কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদিয়ে।
ৰাষ্ট্রপতিৰ পদপ্রার্থী হৈ আনন্দ প্ৰকাশ কৰিছে দ্রৌপদী মুর্মুৱে। এক সংবাদ মেলত সাংবাদিক সম্মিলনত তেওঁ জনায়, অতি পিছপৰা ময়ূৰভঞ্জ জিলাৰ এজন আদিবাসী মহিলা হৈ দেশৰ শীর্ষ পদৰ প্রার্থী হোৱাৰ কথা তেওঁ ভবা নাছিল।
বুধবাৰে কেন্দ্রৰ তৰফৰ পৰা তেওঁৰ ঘৰত নিৰাপত্তা দিয়া হয়। আজিৰে পৰাই তেওঁ পাব Z+ কেটেগৰিৰ নিৰাপত্তা। সূত্র মতে, মঙ্গলবাৰে সন্ধ্যিয়াই গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা এই নির্দেশনা জাৰি কৰা হৈছে।