ASSAM TIMES POST
ডিফুঃ কাৰবি আংলং জিলাৰ ডিলাইত এক যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে ডিলাই থানাৰ অন্তৰ্গত মংবুং আৰু মলহই মাজৰ গভীৰ অৰণ্যত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়৷ উদ্ধাৰ হোৱা মৃতদেহটো মলহই গাঁৱৰ চাংলেন চাংচান বুলি জানিব পৰা গৈছে৷
প্ৰাপ্ত তথ্য অনুসৰি যুৱকজন কালি বোকাজানৰ পৰা স্বগৃহলৈ গৈ থকা অৱস্থাত সন্ধিয়া এই ঘটনা সংঘটিত হয়৷ যুৱকজনৰ মৃতদেহত আঘাতৰ চিনৰ লগতে যুৱক জনৰ ডিঙিত জোতাৰ ফিতাৰে মেৰিয়াই থোৱা আছিল৷
ঘটনাৰ আঁৰত ইউনাইটেড পিপুলছ ৰিভলিউনাৰী ফ্ৰণ্ট নামৰ উগ্ৰপন্থী গোট জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷ এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷