মৰিগাঁও জিলাত বৰ্তমানেও অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। শেহতীয়াকৈ, এক গোপন সূত্ৰৰ পম খেদি মৰিগাঁও জিলাৰ মাজমজিয়া গৰৈমাৰীৰ পৰা আৰক্ষীয়ে জিয়াৰুল হক নামে ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে ১০১ টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ কৰে। অভিযুক্ত জিয়াৰুলে গৰৈমাৰীৰ পৰা কেৰেলালৈকে ড্ৰাগক্ষ খিনি লৈ যাবলৈ আনিছিল।
মৰিগাঁও সদৰ আৰক্ষীয়ে ইতিমধ্যে জিয়াৰুলক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। মৰিগাঁও জিলাত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে নিজ সক্ৰিয় অভিযান চলাইছে যদিও একাংশই এই অভিযানক বুঢ়া আঙুলি দেখুৱাই ৰমৰমীয়া ব্যৱসায় কৰি আছে।
আনহাতে, জিলাখনৰ সীমামূৰীয়া অঞ্চল সমূহতো একাংশ দুষ্ট চক্ৰই কাঠফুলাৰ দৰে অবাধে চলাই আহিছে ড্ৰাগছৰ দৰে মাৰাত্মক নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায়। ড্ৰাগছকে ধৰি মাৰাত্মক নিচাযুক্ত সামগ্ৰীৰ অবৈধ ঘাটি সমূহক উৎখাত কৰিবলৈ জিলাবাসীয়ে মৰিগাঁও আৰক্ষীক আহ্বান জনাইছে।