ASSAM TIMES POST
ডিফুঃ বুধবাৰে কৃষি বিভাগৰ স্থায়ী অধিবেশনত তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ সাংসদ হৰেণছিং বে’ই অংশ গ্ৰহণ কৰে৷ ৰাজধানী নতুন দিল্লীৰ ১ নং কমিটি ৰুমৰ এনেক্সেছ এক্সটেণ্ডেন্স বিল্ডিং (ব্লক-এ) পাৰ্লামেণ্ট হাউছত বুধবাৰে সিৰিজ সভা অনুষ্ঠিত হৈ যায়৷
উক্ত সভাখনত ক্ৰমে, (কৃষি সহযোগিতা ও কৃষি কল্যাণ বিভাগ)ৰ দ্বাৰা জড়িত বিষয় সমূহৰ ওপৰত বিভাগ আৰু কৃষি কল্যাণ মন্ত্রণালয়ৰ প্ৰতিনিধিৰ সবিশেষ, খাদ্য প্ৰক্ৰিয়াকৰণ শিল্প মন্ত্ৰালয় কৰণীয় বাস্তবায়িত প্ৰকল্পৰ সমূহৰ বিষয়ে সবিশেষ, (অধিদপ্তৰৰ জৰিয়তে বাস্তবায়িত প্ৰকল্প সমূহৰ বিষয়ে পশু পালন আৰু দুগ্ধ উন্নয়ণ বিভাগ)ৰ মৎস্য পালন আৰু দুগ্ধ উন্নয়ণ মন্ত্ৰানলয়ৰ প্ৰতিনিধিৰ জৰিয়তে সবিশেষ উপস্থাপন, ( কৃষি গৱেষণা ও শিক্ষা বিভাগ)ৰ কৰণীয় বিষয়ৰ ওপৰত কৃষক কল্যাণ মন্ত্ৰণালয়ৰ প্ৰতিনিধি সকলৰ সবিশেষ সভাৰ মূল কাৰ্যসূচী হিচাপে লোৱা হৈছে বুলি জানিব পৰা গৈছে ৷