ASSAM TIMES POST
জিতেন বৰকটকী, নগাঁওঃ নগাঁও আৰক্ষীৰ জালত পৰিছে আন্ত:ৰাষ্ট্ৰীয় গৰু চুৰি চক্ৰৰ এজন নায়ক সহ ৯ টা চোৰাং গৰু সৰবৰাহকাৰী। কালি নিশা নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক মানস শইকীয়া আৰু জন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই নগাঁও চহৰৰ সমীপৱৰ্তী পলাশনিৰ পৰা ৮২টা গৰু অবৈধ ভাৱে সৰবৰাহ কৰা দুখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে অভিযান কালত অবৈধ গৰু সৰবৰাহকাৰীৰ অন্যতম নায়ক কাছাৰৰ আমাৰুল হুছেইন সহ মুঠ ৯ টা অবৈধ গৰু সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।ধৃত চোৰাং গৰু সৰবৰাহকাৰী কেইটা হৈছে কাছাৰৰ কাতিগৰাৰৰ আমাৰুল হুছেইন, চৰুজপুৰৰ মাতাবুদ্দিন তালুকদাৰ, হৰিনগৰৰ নাজমুল হক, মেঘালয়ৰ জোৱাইৰ বে চিৰিয়াং, নেবু চিলাৰ, ৰূপহীহাটৰ তেলীয়া চাপৰিৰ জিয়াবুৰ ৰহমান, জিউমাৰীৰ নাচিৰুদ্দিন, তেলীয়াচাপৰিৰ ছাইফুল ইছলাম আৰু জিউমাৰীৰ ওচমান গণি।

আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহকাৰী দলটোৱে ব্যৱহাৰ কৰা এন এল ০১ এল -০৪৭৫ আৰু এম এল ১১- ৭৭২০ নম্বৰৰ ট্ৰাক দুখনৰ লগতে এম এল ০৫ এইচ- ২৩০৭ নম্বৰৰ এখন চুইফট গাড়ীও জব্দ কৰে।ধৃত চোৰাং গৰু সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে ৪ লাখ ৩৫ হেজাৰ নগদ ধন, মবাইল আদিও জব্দ কৰে ।

সম্প্ৰতি নগাঁও সদৰ থানাত আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহকাৰী দলটোক জেৰা অব্যাহত ৰাখিছে । চোৰাং গৰু সৰবৰাহকাৰী দলটোৱে ৰূপহীহাট অঞ্চলৰ পৰা গৰু সমূহ সংগ্ৰহ কৰি মেঘালয়হৈ বাংলাদেশলৈ চালান দিবলৈ চেষ্টা কৰা বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰে । আনহাতে চোৰাং গৰু সৰবৰাহকাৰী চক্ৰৰ নায়ক আমাৰুলে আৰক্ষী আৰু সাংবাদিকক মেনেজ কৰিব লাগে বুলি উক্ত ধনৰাশি চোৰাং গৰু ব্যৱসায়ৰ লগত জড়িত বিভিন্ন জনৰ পৰা সংগ্ৰহ কৰা বুলিও আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে।
ইপিনে, বিভিন্ন সময়ত নগাঁও আৰক্ষীয়ে অভিযান চলাই ট্ৰাক সহ জব্দ কৰা গৰু সমূহকলৈয়ো এতিয়া বিপাঙত পৰিছে আৰক্ষী। বিশেষকৈ বিগত প্রায় তিনি মাহত আৰক্ষীয়ে জব্দ কৰা১২শৰো অধিক পশুধন ৰাখিব পৰাকৈ জিলা খনত নির্দিষ্ট স্হানৰ অভাৱ ।বিগত সময় ছোৱাত জব্দ কৰা সহস্ৰাধিক গৰু নগাঁও চহৰৰ হুজ কহুৱাআটিৰ গোশালাত ৰখাৰ ব্যৱস্থা কৰা হৈছে যদিও গোশালাত গৰুৱে ঠাহ খাই পৰাত এতিয়া তাতো গৰু ৰাখিব পৰা অৱস্থা নাই।
আনহাতে, গোশালাত ৰখা গৰু সমূহৰ প্ৰয়োজনীয় খাদ্যৰ নামতো প্ৰশাসনে ধন যোগান ধৰিবলৈ অসমৰ্থ। শেহতীয়াকৈ নগাঁও আৰক্ষীয়ে স্থানীয় এটা স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত জব্দ কৰা গৰু সমূহ ৰখাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।












