আজি পুৱাৰে পৰা পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাৰ ঘাই পথ সম্পূৰ্ণ ৰূপে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷ জলমগ্ন বহু গাওঁ ৷ বন্ধ শিক্ষানুষ্ঠান ৷ সমগ্ৰ ৰাজ্যৰ লগতে আজি কিছু দিন ধৰি পৰি থকা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰীয়া জিলা কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা-হাচাও জিলাতো পৰি থকা নেৰাপেৰা ৰবষুণৰ ফলত সৃষ্টি হোৱা বান তাণ্ডৱ আৰু ভূমিস্খলনে এক প্ৰকাৰে পাহাৰীয়া ৰাইজৰ জন জীৱনক ভীতিগ্ৰস্ত কৰি তুলিছে৷
বন্ধ হৈ পৰিল জিলাখনৰ বহু সৰু-সুৰা পথকে ধৰি ঘাই সংযোগী পথসমূহ ৷ এই প্ৰৱল বৃষ্টিপাতত সৃষ্টি হোৱা বানে সম্প্ৰতি বুৰাই পেলাইছে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ দাস গাওঁ, শিলডুবি, বগৰিঘাট , খান্দাজান, দেৰামুখ, হাতীমাৰা, বিথুং চাপৰি, সাতগাওঁ, ভেলাপাৰা, টুম্প্ৰেং, মুগাচং, তৰাডুবি, নাম তৰাডুবিকে আদি কৰি বিস্তৃত অঞ্চল ৷ যাৰ ফলত ক্ষতি হৈছে শ শ হেক্টৰ কৃষি ভূমিত থকা নানা খেতি-শস্যৰ উপৰিও বানত বুৰ গৈ বিনষ্ট হৈছে কুমলীয়া কুঠীয়া ৷
ইয়াৰোপৰি বিনষ্ট হৈছে শ শ হেক্টৰ কুঁহিয়াৰ বাৰী ৷ বানৰ প্ৰৱল সোঁতত জাহ গ’ল কপিলীপুৰীয়া ৰাইজৰ শ শ হেক্টৰ ভূমি ৷ এক প্ৰকাৰৰ প্ৰকৃতিক দুৰ্যোগে কপিলীপুৰীয়া ৰাইজৰ লগতে পাহাৰীয়া জিলা ডিমা-হাচাও জিলা বাসীৰ যেন এক প্ৰকৃতিৰ অভিশাপ হ’ল ৷
বিগত কিছু দিনৰ আগত সংঘটিত হৈ যোৱা দুই পাৰ্বত্য জিলাবাসীৰ দুখে কুলাই পাচি নভৰা অৱস্থাৰ মাৰ নৌযাওঁতে আকৌ দ্বিতীয়টোৰ প্ৰৱল বান-গৰাখনীয়া আৰু ভূমিস্খলনে বৰুণ দেৱতাই যেন এই দুই পাৰ্বত্যবাসীক এক প্ৰকাৰে জীয়াতু ভোগাইছে ৷
ইপিনে, প্ৰৱল বৰষুণত সৃষ্টি হোৱা বানে পশ্চিম কাৰ্বি আংলং প্ৰায় সহস্যাধিক বাস গৃহ আৰু বাৰি বুৰাই পেলাইছে ৷ ক্ষতি হৈছে বহু পশুধন ৷ সম্প্ৰতি ওখ ওখ স্থানত পশুধন আৰু মানুহ একেলগে সহবাস কৰিব লগা হৈছে ৷
ইপিনে, ডিমা-হাচাও জিলাৰ উমৰাংছ’ৰ খানদং জলবিদ্যুৎ প্ৰকল্পৰ আটাইকেইটা বান্ধৰ পানী এৰি দিয়াৰ ফলত সৃষ্টি হোৱা প্ৰৱল বানে ৰাইজক আতংময় পৰিৱেশে বিৰাজ কৰিছে ৷ বাতৰি যুগুতোৱাৰ পৰলৈকে কপিলী নৈৰ প্ৰৱল সোঁতে বিপদ সীমা চেৰাই গৈছে ৷