ASSAM TIMES POST
গুৱাহাটীঃ মুক্তি সেনানী শ্বহীদ কুশল কোঁৱৰক ভাৰত ৰত্ন প্ৰদানৰ দাবী জনাইছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। মূলতঃ ভাৰতীয় জনতা পাৰ্টিয়ে সদ্য সমাপ্ত মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ শাসনত দলটো অধিষ্ঠিত হ’লেই বীৰ চাভাৰকাৰক ভাৰত ৰত্ন প্ৰদান কৰিব বুলি প্ৰদান কৰা প্ৰতিশ্ৰুতিক বিৰোধিতা কৰে তেওঁ। বুধবাৰে এক বিবৃতিত তেওঁ স্পষ্টকৈ কয়, ‘ভাৰত ত্যাগ আন্দোলনত অসমৰ শ্বহীদ কুশল কোঁৱৰক ভাৰত ৰত্ন প্ৰদানৰ আমি দাবী জনাইছো। তেওঁ বীৰ চাভাৰকাৰতকৈ দেশৰ সৰ্বোচ্চ সন্মানটি পাবলৈ অধিক ফিট।’













