![]()
পুনৰ আতঙ্ক বাঢ়িছে দেশৰ ঊর্ধ্বমুখী কোভিড গ্রাফ। তৃতীয় ঢৌৰ পিছত সংক্রমণ একেবাৰে নিয়ন্ত্রণলৈ অহাত দেশত কোভিড বিধি প্রত্যাহাৰ কৰা হৈছিল। মাস্কবিধি উঠাই নিদিলেও, মাস্ক পিন্ধাৰ প্রতি তীব্র অনীহা দেখা গৈছে সকলোৰে।
কিন্তু কৰোনা বিধিত শিথিলতা আৰু বুষ্টাৰ ড’জত অনীহাই দেশত পুনৰ মাতি আনিছে কৰোনাৰ আন এক নতুন ঢৌ! বর্তমান দেশৰ কৰোনা গ্রাফে তেনে ইঙ্গিতেই দিছে।
বৃহস্পতিবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা মতে, বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰোনা আক্রান্ত হৈছে ১২ হাজাৰ ২১৩ জন। যিটো বুধবাৰৰ তুলনাত ৩৮.৪ শতাংশ বেছি।
এটা দিনত দেশত কৰোনাত প্রাণ হেৰুৱাইছে ১১ জনে। একে কোবে বহুখিনি বাঢ়িছে সংক্রমণৰ হাৰ। বর্তমান দেশত কৰোনা সংক্রমণৰ হাৰ ২.৩৫ শতাংশ। দেশত এই মুহূর্তত কৰোনাৰ সক্রিয় ৰোগীৰ সংখ্যা ৫৮ হাজাৰ ২১৫ জন।
লগতে কমিছে সুস্থতাৰ হাৰ। বর্তমান সেয়া ৯৮.৬৬ শতাংশ। বিগত ২৪ ঘণ্টাত দেশত কৰোনাৰ পৰা সুস্থ হৈ উঠিছে ৭ হাজাৰ ৬২৪ জন।
সমগ্র দেশৰ ভিতৰতে উদ্বেগজনক হাৰত সংক্রমণ বাঢ়িছে মহাৰাষ্ট্র, দিল্লী, কেৰালা, কর্নাটকত। বিগত ২৪ ঘণ্টাত কেৱল মুম্বাইতে আক্রান্তৰ সংখ্যা ২২০০ৰো অধিক। মহাৰাষ্ট্রতেই আক্রান্ত ৪ হাজাৰোধিক। ৰাজধানীত বিগত ২৪ ঘণ্টাত আক্রান্ত হৈছে ১১০০।












