ASSAM TIMES POST
শিলিগুৰিঃ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শেহতীয়াকৈ শিলিগুৰিত অনুষ্ঠিত এক কাৰ্যসূচীত ভাগ লৈ কয় যে পশ্চিম বংগত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ নহয়। সেয়ে ইয়াত ডিটেনচন কেম্প স্থাপন কৰিবলৈ চৰকাৰে অনুমতি প্ৰদান নকৰে। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ থকা বাবেহে অসমত এনআৰচি উন্নীতকৰণ সম্ভৱ হোৱা বুলি উল্লেখ কৰি তেওঁ কয়, ‘বৰ্তমান অসমত বিজেপি চৰকাৰ আছে। সেয়ে এনআৰচি উন্নীতকৰণ সম্ভৱ হৈছে। কিন্তু আমাৰ ৰাজ্যত চৰকাৰ আমাৰ। আমি ইতিমধ্যে এনআৰচি উন্নীতকৰণৰ বিৰোধিতা কৰিছো।’ ইফালে নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ ক যে পশ্চিম বংগ চৰকাৰে বিৰোধিতা কৰি আহিছে, সেই কথা তেওঁ পুনৰ দোহাৰে।










