ASSAM TIMES POST
গুৱাহাটীঃ অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ নিৰ্বাচনত সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলে প্ৰচাৰকাৰ্য চলোৱাটো সভাৰ সংবিধান আৰু চৰ্তাৱলী, আচৰণ বিধিৰ পৰিপন্থী। বুধবাৰে সভাৰ গুৱাহাটীস্থিত নিৰ্বাচনী সমিতিৰ কাৰ্যালয়ৰপৰা প্ৰেৰিত এক সংবাদ বিজ্ঞপ্তিযোগে এই মত প্ৰকাশ কৰি নিৰ্বাচন সমিতিৰ অন্যতম সদস্য তথা মুখপাত্ৰ অধিবক্তা বিজন কুমাৰ মহাজনে কয় যে সভাৰ সংবিধান বিৰোধী আৰু চৰ্তাৱলীৰ পৰিপন্থী কাৰ্যত লিপ্ত হৈ যিকোনো পদবীৰ প্ৰাৰ্থী বা সমৰ্থকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰচাৰ চলালে সংবিধান আৰু আচৰণ বিধি ভংগ কৰা বুলি গণ্য কৰা হ’ব। এনে অনিয়ম নিৰ্বাচনী পৰ্যবেক্ষকসকলৰ দৃষ্টিগোচৰ হ’লে আৰু এই সম্পৰ্কীয় প্ৰতিবেদন পৰ্যবেক্ষকসকলৰপৰা নিৰ্বাচন সমিতিয়ে পালে বিবেচনাৰ অন্তত গ্ৰাহ্য কৰা মনোনয়ন পত্ৰ নাকচ কৰাৰ কৰ্তৃত্ব নিৰ্বাচন সমিতিৰ ওপৰত ন্যস্ত থাকিব অথবা স্বতঃস্ফূৰ্তভাৱে নাকচ হোৱাৰ বাবে গণ্য কৰাৰ কৰ্তৃত্বও নিৰ্বাচন সমিতিৰ ওপৰত ন্যস্ত থাকিব। এই সম্পৰ্কত অভিযোগ দিবলৈ নিৰ্বাচনী পৰ্যবেক্ষক সমীৰণ বৰদলৈ আৰু কনককুমাৰ বৰাৰ সৈতে ৯৪৩৫০-৫২৫৮৮ আৰু ৯১০১৬-১১৭৫১ নম্বৰত যোগাযোগ কৰিবপৰা যাব বুলি একেটা বিবৃতিতে প্ৰকাশ।













