![]()
বিগত কেইবা দিনো ধৰি দেশত পুনৰ ঊর্ধ্বমুখী কৰোনা সংক্রমণৰ হাৰ। মঙ্গলবাৰে এই সংখ্যা আৰু বেছি হ’ল। সুদীর্ঘ তিনি মাহ পিছত দৈনিক কৰোনা আক্রান্তৰ সংখ্যাই ৮ হাজাৰ অতিক্ৰম কৰিলে।

বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰোনাত আক্রান্ত হৈছে ৮,৮২২ জন। সকলো মিলাই আক্রান্তৰ সংখ্যা হৈছে ৪,৩২,৪৫,৫১৭। বুধবাৰে এই তথ্য প্ৰকাশ স্বাস্থ্য মন্ত্ৰালয়ৰ।
কেন্দ্রৰ তথ্য মতে, বিগত ২৪ ঘণ্টাত ভাৰতত কৰোনাত মৃত্যু হৈছে ১৫ জনৰ। সকলো মিলাই দেশত কোভিডত মৃত্যুৰ সংখ্যা হৈছে ৫,২৪,৭৯২।
দেশে সক্রিয় কৰোনা ৰোগীৰ সংখ্যা বৰ্তমান ৫৩,৬৩৭। কৰোনাৰ পৰা সুস্থ হোৱাৰ হাৰ ৯৮.৬৭ শতাংশ। বিগত ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৫,৭১৮ জন।












