![]()
টকিঅ অলিম্পিকত জেভলিনত ৮৭.৫৮ মিটাৰ দলিয়াই স্বৰ্ণ জয় কৰিছিল নীৰজ চোপ্ৰাই। অলিম্পিক পদক জয়ৰ প্রায় ৩১১ দিন পিছত প্রথম টুর্নামেন্টত নামিয়েই ৰূপ জয় নীৰজৰ। নিজৰেই ৰাষ্ট্ৰীয় ৰেকর্ড ভংগ কৰি গঢ়িলে নতুন ৰেকর্ড।

ফিনলেণ্ডত পাভো নুৰমি গেমছত জেভলিনত ৮৯.৩০ মিটাৰ দলিয়াই দ্বিতীয় হয় তেওঁ। যোৱা বছৰ মার্চত পাতিয়ালাত নীৰজে ৮৮.০৭ মিটাৰ দলিয়াই ৰাষ্ট্ৰীয় ৰেকর্ড গঢ়িছিল। এইবাৰ নিজেই নিজৰ ৰেকৰ্ড ভংগ কৰিলে। ফিনলেণ্ডৰ অলিভাৰ হেলান্ডাৰে ৮৯.৮৩ মিটাৰ দলিয়াই স্বৰ্ণ জয় কৰে। অর্থাৎ নীৰজতকৈ মাত্র ০.৫৩ মিটাৰ ব্যৱধানত তেওঁ স্বৰ্ণ জয় কৰে।
উল্লেখ্য, যোৱা মাহত দোহাত ৯৩.২৭ মিটাৰ দলিয়াইছিল এণ্ডাৰছন পিটাছাৰ্চ। ফিনলেণ্ডত তেওঁ তৃতীয় স্থানত থাকে। ফিনলেণ্ডত নীৰজজে প্রথম পদক্ষেপত ৮৬.৯২ মিটাৰ দলিয়াইছিল। তাৰ পিছৰ তিননিটা থ্রো বাতিল হয় নীৰজৰ। পঞ্চম থ্রোত ৰাষ্ট্ৰীয় ৰেকর্ড গঢ়ে। অন্তিমটোত ৮৫.৮৫ মিটাৰ দলিয়ায় নীৰজে।













