ট্রায়েলৰ সময়ত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱাত কমনৱেলথ গেমছৰ পৰা আঁতৰিবলগা হ’ল মেৰি কম। যাৰ বাবে বার্মিংহামত খেলিবলৈ যাব নোৱাৰিব উত্তৰ-পূবৰ গৌৰৱ কিংবদন্তি বক্সাগৰাকী।
শুক্রবাৰে দিল্লীত ট্রায়েলত অংশগ্ৰহণ কৰিছিল মেৰি কমে। ৪৮ কেজি বিভাগত হাৰিয়ানাৰ নীতুৰ বিৰুদ্ধে নামিছিল তেওঁ। প্রথম ৰাউণ্ডতেই আঁঠুত গুৰুতৰভাবে আঘাত পায়। লগে লগে ৰিঙতেই লুটি খাই পৰে। দৌৰি আহে চিকিৎসকৰ দল। প্রাথমিক চিকিৎসাৰ পিছত ভৰিত বেণ্ডেজ পুনৰ নামিছিল যদিও খেলিব নোৱাৰে। যন্ত্রণাত কাতৰ হয় মেৰি কম।
বাঁও ভৰিত হেঁচি ধৰি ৰিঙতেই বহি দিয়ে তেওঁ। ৰিঙৰ পৰা নিজে খোজকাঢ়িও ওলাই আহিব নোৱাৰে। কোলাত তুলি নিব লগা হয় তেওঁক। তাৰে কিছু সময় পিছত ভাৰতীয় বক্সিং সংস্থাই এক বিবৃতিত জনায়, মেৰি কমৰ আঘাত গুৰুতৰ। কমনৱেলথত আৰু অংশগ্রহণ কৰিব নোৱাৰিব।
এইবাৰ হয়তো জীৱনৰ অন্তিম কমনৱেলথ গেমছ খেলিবলৈ নামিলহেঁতেন মেৰি কম। দীর্ঘদিন ধৰি তাৰেই প্রস্তুতি চলাই আছিল। বার্মিংহামৰ টিকট সংগ্রহৰ বাবে বিশ্ব চেম্পিয়নশ্বিপ আৰু এচিয়ান গেমছ পৰিত্যাগ কৰে। কিন্তু ভাগ্যৰ পৰিহাস। যাৰ বাবে ইমান সাধনা কৰিছিল মেৰি কমে, সেই টুর্নামেন্টেই আৰু খেলা নহ’ব।
যোৱাবাৰ প্রথম ভাৰতীয় মহিলা বক্সাৰ হিচাবে কমনৱেলথ গেমছত স্বৰ্ণ জয় কৰিছিল তেওঁ। টকিঅ’ অলিম্পিকত ব্যর্থতাৰ পিছত তেনেদৰে তেওঁক কোনো আন্তর্জাতিক প্রতিযোগিতাত দেখা যোৱা নাই। কমনৱেলথৰ পৰা আঁতৰি যোৱাটো কেৰিয়াৰৰ এই পর্যায়ত মেৰি কমৰ বাবে এক বৃহৎ আঘাত।