ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home literature Features

চ’ল’গামী কি,কিয় চ’ল’গামী মুখী হৈছে নাৰী?

ৰিমলী বৰকটকী:

ASSAM TIMES POST by ASSAM TIMES POST
June 11, 2022
Reading Time: 1 min read
A A
0
চ’ল’গামী কি,কিয় চ’ল’গামী মুখী হৈছে নাৰী?

logo new 2 1 | ASSAM TIMES POST

কেইদিনমানৰ পৰা বাতৰি কাকত,নিউজ চেনেলৰ পৰা ছ’চিয়েল মিডিয়ালৈকে সবাতে চৰ্চিত এক নাম গুজৰাটৰ চমা বিন্দু। নিজকে নিজে বিয়া পতাৰ বাবে চৰ্চিত বিন্দু। অৱশ্যেই অধিকাংশৰে বাবেই এক আশ্চৰ্যকৰ বিষয়! এই বিষয়ক লৈ পিছে কৌতূহলতকৈয়ো ঠাট্টা-মস্কৰা,ইতিকিঙৰ পৰিমাণ বেছি,যিটো অতি স্বাভাৱিক।

গুজৰাটৰ চমা বিন্দুযিকোনো এক নব্য ধাৰণাক লৈ এয়া মানুহৰ সহজাত আচৰণ। পিছে এই বিষয়টো প্ৰকৃততে কি,কিদৰে আৰু কিয় সমগ্ৰ বিশ্বজুৰি লাহে লাহে ই শিপাবলৈ ধৰিছে-এইবোৰ দিশ বা কাৰণৰ বিষয়ে কিমানে গভীৰতাৰে ভাবি চাইছে,বা জানিবৰ চেষ্টা কৰিছে?আজি এই চ’ল’গামী বা অ’ট’গামীৰ বিষয়েই একলম লিখিবলৈ লৈছো।

RELATED POSTS

16th Nov – National Press Day: Free Press and its significance in today’s world

আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস:

বিশ্ব পৰিবেশ দিৱস আৰু আনুষাংগিক দুআষাৰ:

 চ'ল'গামী মুখী“চ’ল'”-ইংৰাজীত চ’ল’ শব্দৰ অৰ্থ হৈছে-একক। চ’ল’গামী মেৰিজ বা বিবাহৰ অৰ্থ হ’ব-“আত্নবিবাহ বা স্ব-বিবাহ”। যিদৰে আন আন কিছু শব্দ যেনে-পলীগামী(বহুগামীতা),ম’ন’গামী(একগামীতা)-এনেবোৰ শব্দৰ বহুল প্ৰচলন আছে,সভ্যতাৰ আৰম্ভণিৰ পৰাই। অৱশ্যেই আদিম অৱস্থাত বহুগামীতাই হে সহজ স্বীকৃত তথা গ্ৰাহ্য আছিলে।

সমাজ পাতি বসবাস কৰিবলৈ লোৱাৰ আগৰে পৰাই মানুহে ক্ৰমশঃ বিবাহ ব্যৱস্থাৰ আৰম্ভণি ঘটালে,য’ত প্ৰধানতঃ এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত সমাজ-স্বীকৃত ৰূপত বৈবাহিক সম্পৰ্ক স্থাপন কৰা হয়। এনেদৰে একেলগে বসবাস কৰাৰ লগতে কায়িক-মানসিক সকলোধৰণৰ সম্পৰ্ক বজাই ৰাখিব পৰাৰ পৰা সন্তান জন্ম দিয়ালৈকে সামাজিক আৰু পৰৱৰ্তী সময়ত আইনী স্বীকৃতিও লাভ কৰে।

মানুহৰ বহুগামীতাৰ আদিম প্ৰবৃত্তিক শৃংখলাবদ্ধ কৰি ৰাখিবলৈয়েই মূলতঃ বিবাহ ব্যৱস্থাৰ প্ৰৱৰ্তন বুলিব পাৰি। যদিওবা বহুগামীতাক একেমুখে কোনেও নুই কৰিব নোৱাৰে,তথাপিও বৰ্তমান সময়তো বিবাহ ব্যৱস্থা মানেই একগামীতাই। অৱশ্যেই অন্য ধৰণৰ বিবাহ যেনে-সম-লিংগীয় বিবাহেও আইনী স্বীকৃতি লাভ কৰিছে।

চ’ল’গামীত বিশ্বাসীসকলে মূলতঃ আত্মপ্ৰেম বা নিজৰ সৈতে নিজৰ আজীৱন আৰু একমাত্ৰ চিৰস্থায়ী সম্পৰ্কক স্বীকৃতি দিয়ে বুলি বিশ্বাস কৰে। আনৰ দৃষ্টিত অৱশ্যেই চ’ল’গামীত বিশ্বাসীসকল নাৰ্চিচিষ্টিক বা অত্যধিক আত্মভূত বুলি সমালোচিত হয়। চ’ল’গামীয়ে আইনী বা সামাজিক স্বীকৃতি নেপালেও,ইয়াৰ বিৰুদ্ধেও কোনো আইন বা নীতিৰ সৃষ্টি হোৱা নাই। ইয়াৰো কাৰণ আছে।

সম্পৰ্কৰ ক্ষেত্ৰত চ’ল’গামী বিষয়টো তুলনামূলকভাৱে যথেষ্ট নতুন বিষয়। ২০০৩ চনত এখন বহুল চৰ্চিত আমেৰিকান টেলিভিছন ছিৰিজ”ছেক্স ইন দা চিটি”ত এই চ’ল’গামী বা স্ব-বিবাহক প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হৈছিল। তাৰ পৰৱৰ্তী সময়ত ২০০৬ মানৰ পৰা বিশ্বৰ ভিন্ন প্ৰান্তত এই চ’ল’গামী বিবাহ প্ৰক্ৰিয়াৰ প্ৰচলন আৰম্ভ হৈছে।

চ’ল’গামী বা আত্মবিবাহৰ আটাইতকৈ উল্লেখযোগ্য আৰু মনোগ্ৰাহী দিশটো হৈছে যে-এই বিবাহ ব্যৱস্থাক এতিয়া পৰ্যন্ত একমাত্ৰ নাৰীয়েহে আঁকোৱালি লৈছে,কোনো পুৰুষে লোৱা নাই। ইয়ো এক ভাবিবলগা বিষয়েই। কিয় নাৰীসকলহে এই পন্থাৰ প্ৰতি আকৰ্ষিত হ’ল?

কি একমাত্ৰ নাৰীসকলৰহে আত্মপ্ৰেম অত্যধিক নে বিশ্বজুৰি পুৰুষৰ নাৰীৰ ওপৰত চলি অহা,চলি থকা কায়িক-মানসিক নিৰ্যাতনৰ অন্তহীন ঘটনাবোৰৰ হাত আছে ইয়াৰ অন্তৰালত?আত্মপ্ৰেম বেয়া বা ভুল নেকি?কোৱা হয়,নিজৰ সৰ্বোৎকৃষ্ট যত্ন একমাত্ৰ নিজেই হে ল’ব পাৰে,আৰু সৰ্বশ্ৰেষ্ঠ বন্ধুও নিজেই হে হ’ব পাৰে।

একমাত্ৰ আত্মপ্ৰেমৰ বাবেই,একেলগে বহু লোক,আনকি নিজৰ আপোনজনসহ কোনো দূৰ্ঘটনাত পতিত হ’লেও,প্ৰথমেই সকলোৱে আত্মৰক্ষাৰ প্ৰচেষ্টাহে চলাই,তাৰপিছত হে আনৰ কথা আহি পৰে। হয়তোবা উপৰুক্ত কাৰণবোৰৰ বাবে,অথবা বৰ্তমানৰ প্ৰতিযোগিতামূলক সময়ৰ ঢামখুমিয়াত আদৰ,স্নেহ-যতনৰ বাবে মানুহৰ সময়ৰ অভাৱ ঘটাৰ বাবেই,অথবা আন কোনো মনোবৈজ্ঞানিক কাৰণতো এনে এক ধাৰাৰ সৃষ্টি হ’ব পাৰে।

Tags: চ'ল'গামী
Share4Tweet3Send

Related Posts

National Press Day
Editorial

16th Nov – National Press Day: Free Press and its significance in today’s world

by Sanjeev Sarma
November 15, 2022
600
আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস:
Features

আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস:

by ASSAM TIMES POST
June 12, 2022
50
বিশ্ব পৰিবেশ দিৱস আৰু আনুষাংগিক দুআষাৰ:
Features

বিশ্ব পৰিবেশ দিৱস আৰু আনুষাংগিক দুআষাৰ:

by ASSAM TIMES POST
June 5, 2022
50
৪৫ বছৰীয়া কহিনুৰৰ ২০২২-২৩ নাট্যবর্ষৰ বিশাল আয়োজন:
ALL NEWS

৪৫ বছৰীয়া কহিনুৰৰ ২০২২-২৩ নাট্যবর্ষৰ বিশাল আয়োজন:

by ASSAM TIMES POST
December 3, 2021
50
৩৫ ডলাৰৰ বাটি নিলাম হ’ব ৫ লক্ষ ডলাৰত!
ALL NEWS

৩৫ ডলাৰৰ বাটি নিলাম হ’ব ৫ লক্ষ ডলাৰত!

by ASSAM TIMES POST
March 14, 2021
50
ঘণ্টাত ৭৭০০০ মাইল বেগত গতি কৰিছে ভয়ঙ্কৰ এক গ্রহাণু:
ALL NEWS

ঘণ্টাত ৭৭০০০ মাইল বেগত গতি কৰিছে ভয়ঙ্কৰ এক গ্রহাণু:

by ASSAM TIMES POST
March 13, 2021
50
ADVERTISEMENT
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx