কেইদিনমানৰ পৰা বাতৰি কাকত,নিউজ চেনেলৰ পৰা ছ’চিয়েল মিডিয়ালৈকে সবাতে চৰ্চিত এক নাম গুজৰাটৰ চমা বিন্দু। নিজকে নিজে বিয়া পতাৰ বাবে চৰ্চিত বিন্দু। অৱশ্যেই অধিকাংশৰে বাবেই এক আশ্চৰ্যকৰ বিষয়! এই বিষয়ক লৈ পিছে কৌতূহলতকৈয়ো ঠাট্টা-মস্কৰা,ইতিকিঙৰ পৰিমাণ বেছি,যিটো অতি স্বাভাৱিক।
যিকোনো এক নব্য ধাৰণাক লৈ এয়া মানুহৰ সহজাত আচৰণ। পিছে এই বিষয়টো প্ৰকৃততে কি,কিদৰে আৰু কিয় সমগ্ৰ বিশ্বজুৰি লাহে লাহে ই শিপাবলৈ ধৰিছে-এইবোৰ দিশ বা কাৰণৰ বিষয়ে কিমানে গভীৰতাৰে ভাবি চাইছে,বা জানিবৰ চেষ্টা কৰিছে?আজি এই চ’ল’গামী বা অ’ট’গামীৰ বিষয়েই একলম লিখিবলৈ লৈছো।
“চ’ল'”-ইংৰাজীত চ’ল’ শব্দৰ অৰ্থ হৈছে-একক। চ’ল’গামী মেৰিজ বা বিবাহৰ অৰ্থ হ’ব-“আত্নবিবাহ বা স্ব-বিবাহ”। যিদৰে আন আন কিছু শব্দ যেনে-পলীগামী(বহুগামীতা),ম’ন’গামী(একগামীতা)-এনেবোৰ শব্দৰ বহুল প্ৰচলন আছে,সভ্যতাৰ আৰম্ভণিৰ পৰাই। অৱশ্যেই আদিম অৱস্থাত বহুগামীতাই হে সহজ স্বীকৃত তথা গ্ৰাহ্য আছিলে।
সমাজ পাতি বসবাস কৰিবলৈ লোৱাৰ আগৰে পৰাই মানুহে ক্ৰমশঃ বিবাহ ব্যৱস্থাৰ আৰম্ভণি ঘটালে,য’ত প্ৰধানতঃ এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত সমাজ-স্বীকৃত ৰূপত বৈবাহিক সম্পৰ্ক স্থাপন কৰা হয়। এনেদৰে একেলগে বসবাস কৰাৰ লগতে কায়িক-মানসিক সকলোধৰণৰ সম্পৰ্ক বজাই ৰাখিব পৰাৰ পৰা সন্তান জন্ম দিয়ালৈকে সামাজিক আৰু পৰৱৰ্তী সময়ত আইনী স্বীকৃতিও লাভ কৰে।
মানুহৰ বহুগামীতাৰ আদিম প্ৰবৃত্তিক শৃংখলাবদ্ধ কৰি ৰাখিবলৈয়েই মূলতঃ বিবাহ ব্যৱস্থাৰ প্ৰৱৰ্তন বুলিব পাৰি। যদিওবা বহুগামীতাক একেমুখে কোনেও নুই কৰিব নোৱাৰে,তথাপিও বৰ্তমান সময়তো বিবাহ ব্যৱস্থা মানেই একগামীতাই। অৱশ্যেই অন্য ধৰণৰ বিবাহ যেনে-সম-লিংগীয় বিবাহেও আইনী স্বীকৃতি লাভ কৰিছে।
চ’ল’গামীত বিশ্বাসীসকলে মূলতঃ আত্মপ্ৰেম বা নিজৰ সৈতে নিজৰ আজীৱন আৰু একমাত্ৰ চিৰস্থায়ী সম্পৰ্কক স্বীকৃতি দিয়ে বুলি বিশ্বাস কৰে। আনৰ দৃষ্টিত অৱশ্যেই চ’ল’গামীত বিশ্বাসীসকল নাৰ্চিচিষ্টিক বা অত্যধিক আত্মভূত বুলি সমালোচিত হয়। চ’ল’গামীয়ে আইনী বা সামাজিক স্বীকৃতি নেপালেও,ইয়াৰ বিৰুদ্ধেও কোনো আইন বা নীতিৰ সৃষ্টি হোৱা নাই। ইয়াৰো কাৰণ আছে।
সম্পৰ্কৰ ক্ষেত্ৰত চ’ল’গামী বিষয়টো তুলনামূলকভাৱে যথেষ্ট নতুন বিষয়। ২০০৩ চনত এখন বহুল চৰ্চিত আমেৰিকান টেলিভিছন ছিৰিজ”ছেক্স ইন দা চিটি”ত এই চ’ল’গামী বা স্ব-বিবাহক প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হৈছিল। তাৰ পৰৱৰ্তী সময়ত ২০০৬ মানৰ পৰা বিশ্বৰ ভিন্ন প্ৰান্তত এই চ’ল’গামী বিবাহ প্ৰক্ৰিয়াৰ প্ৰচলন আৰম্ভ হৈছে।
চ’ল’গামী বা আত্মবিবাহৰ আটাইতকৈ উল্লেখযোগ্য আৰু মনোগ্ৰাহী দিশটো হৈছে যে-এই বিবাহ ব্যৱস্থাক এতিয়া পৰ্যন্ত একমাত্ৰ নাৰীয়েহে আঁকোৱালি লৈছে,কোনো পুৰুষে লোৱা নাই। ইয়ো এক ভাবিবলগা বিষয়েই। কিয় নাৰীসকলহে এই পন্থাৰ প্ৰতি আকৰ্ষিত হ’ল?
কি একমাত্ৰ নাৰীসকলৰহে আত্মপ্ৰেম অত্যধিক নে বিশ্বজুৰি পুৰুষৰ নাৰীৰ ওপৰত চলি অহা,চলি থকা কায়িক-মানসিক নিৰ্যাতনৰ অন্তহীন ঘটনাবোৰৰ হাত আছে ইয়াৰ অন্তৰালত?আত্মপ্ৰেম বেয়া বা ভুল নেকি?কোৱা হয়,নিজৰ সৰ্বোৎকৃষ্ট যত্ন একমাত্ৰ নিজেই হে ল’ব পাৰে,আৰু সৰ্বশ্ৰেষ্ঠ বন্ধুও নিজেই হে হ’ব পাৰে।
একমাত্ৰ আত্মপ্ৰেমৰ বাবেই,একেলগে বহু লোক,আনকি নিজৰ আপোনজনসহ কোনো দূৰ্ঘটনাত পতিত হ’লেও,প্ৰথমেই সকলোৱে আত্মৰক্ষাৰ প্ৰচেষ্টাহে চলাই,তাৰপিছত হে আনৰ কথা আহি পৰে। হয়তোবা উপৰুক্ত কাৰণবোৰৰ বাবে,অথবা বৰ্তমানৰ প্ৰতিযোগিতামূলক সময়ৰ ঢামখুমিয়াত আদৰ,স্নেহ-যতনৰ বাবে মানুহৰ সময়ৰ অভাৱ ঘটাৰ বাবেই,অথবা আন কোনো মনোবৈজ্ঞানিক কাৰণতো এনে এক ধাৰাৰ সৃষ্টি হ’ব পাৰে।