
সকলো ধৰণৰ আন্তর্জাতিক ক্রিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে মিতালী ৰাজে। বুধবাৰে তেওঁ নিজৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে। তেওঁক ইমান দিনে সমর্থন জনাই অহাৰ বাবে টুইটাৰত সকলোকে ধন্যবাদ জনাইছে মিতালীয়ে।
আন্তর্জাতিক কেৰিয়াৰত অনন্য ৰেকৰ্ড গঢ়িছে মিতালীয়ে। মহিলাৰ এদিনীয়া আন্তর্জাতিকত তেওঁৰ নামতেই সৰ্বাধিক ৰান সংগ্রহৰ ৰেকৰ্ড। ভাৰতৰ হৈ ২৩২খন মেচ খেলিছে তেওঁ। ৫০.৬৮ গড়ে তেওঁৰ সংগ্ৰহ ৭,৮০৫ ৰান।
১৯৯৯ৰ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে অভিষেক হয় মিতালীৰ। অৱসৰ ল’লে ২০২২ চনৰ ৮ জুনত। অর্থাৎ ২৩ বছৰীয়া আন্তর্জাতিক কেৰিয়াৰৰ অন্ত পৰিল। তেওঁৰ নেতৃত্বত ভাৰতীয় মহিলা দলে দুবাৰ ক্রিকেট বিশ্বকাপৰ ফাইনেল খেলিছে। ২০১৭ৰ ফাইনেলত ভাৰত পৰাস্ত হয় ইংলেণ্ডৰ হাতত। ২০০৫ চনত পৰাস্ত হয় অষ্ট্ৰেলিয়াৰ হাতত। অৱশ্যে অন্তিমবাৰ তেওঁৰ নেতৃত্বতে ভাৰতে অন্তিম চাৰিত স্থান লাভ কৰে।













