![]()
বিশ্বত পুনৰ ঊর্ধ্বমুখী কৰোনা গ্রাফ। তাৰ ভিতৰত ভাৰতো আছে। এই অৱস্থাত ভাৰতসহ ১৬ দেশলৈ যাতায়াতৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰিল চৌডি আৰবে। ভাৰতৰ উপৰি লেবানন, ছিৰিয়া, তুৰস্ক, ইৰান, আফগানিস্তান, য়েমেন, ছোমালিয়া, ইথিওপিয়া, কঙ্গো গণতন্ত্র, লিবিয়া, ইণ্ডোনেছিয়া, ভিয়েটনাম, আর্মেনিয়া, বেলাৰুশ আৰু ভেনেজুৱেলালৈ সম্প্ৰতি যাতায়াত বন্ধৰ সিদ্ধান্ত লৈছে চৌডি আৰবে।
উক্ত দেশবোৰৰ সৈতে বিমান সেৱা বন্ধ হ’ব নেকি সেয়া অৱশ্যে এতিয়াও জনোৱা নাই চৌডি প্ৰশাসনে। কিন্তু স্বস্তিৰ খবৰ, উক্ত দেশকেইখনত এতিয়াও মাঙ্কিপক্সত আক্রান্ত কাৰো সন্ধান ওলোৱা নাই বুলি জনাইছে তাৰ প্রশাসনে। অৱশ্যে নিয়মিত নিৰীক্ষণ চলাই থকা হৈছে। দক্ষিণ আফ্রিকাৰ পৰা বিয়পা মাঙ্কিপক্সত আক্রান্ত হৈছে ইউৰোপ আৰু আমেৰিকাৰ বাসিন্দাসকল।
তেনে অৱস্থাত সকলো দেশলৈকে সতর্কবাণী দিছে বিশ্ব স্বাস্থ্য সংস্থাই। হুৰ তথ্য অনুযায়ী, এইপর্যন্ত মুঠ ১১খন দেশত ৮০ জন মাঙ্কিপক্সত আক্রান্ত হৈছে। অৱশ্যে এই ৰোগত মৃত্যুৰ কোনো খবৰ এতিয়ালৈকে পোৱা হোৱা নাই।












