ASSAM TIMES POST
আছিফ আলি,শিৱসাগৰঃ আহিন আৰু কাতিৰ সংক্ৰান্তিত আজি কাতি বিহু।
সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰতো পৰম্পৰাগত ৰীতি নীতিৰে এই বিহু উদযাপন কৰা হৈছে।

তুলসীৰ তলত চাকি আৰু পথাৰত আকাশবন্তি প্ৰজ্বলন কৰিছে গঞা ৰাইজে।

উল্লেখযোগ্য যে অসমীয়া জাতিয়ে তুলসীৰ তলত চাকি জ্বলাই লখিমীক ভঁৰাললৈ বাট দেখুৱাই আৰু পথাৰত আকাশ বন্তি প্ৰজ্জ্বলন কৰি শস্য শ্যামলা কৃষি ক্ষেত্ৰ পোক পতঙ্গৰ পৰা ৰক্ষাৰ বাবে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনায়।

শিৱসাগৰ নগৰৰ লগতে প্ৰতি খন গাঁও,চুবুৰীত ব্যাপক উৎসাহ উদ্দীপনা বিহুক কেন্দ্ৰ কৰি।













