জীয়াই থকাৰ শেষ সম্বলখিনিও হেৰুৱাই প্রাণ বচাবলৈ এতিয়া ওখ ৰে’ললাইনত আশ্ৰয় ল’বলগা হৈছে। বানকবলিত অসমৰ যমুনামুখ জিলাৰ দুই গাঁও চাংজুৰাই আৰু পাটিয়া পথাৰৰ বর্তমান ছবি এয়া। বানত ঘৰ-বাৰী, ভূমি হেৰুৱাই গাঁও দুখনৰ পাঁচশ পৰিয়ালে এতিয়া ৰে’ললাইনৰ ওপৰত আশ্ৰয় লৈছে।
মূৰৰ ওপৰত একো নাই। মুকলি আকাশৰ তলত আতঙ্কত দিন-ৰাতি কটাইছে তেওঁলোকে। খাদ্য বুলিবলৈও তেনে একো এটা যোগাৰ কৰিব পৰা নাই তেওঁলোকে। চৰকাৰী সাহায্যও সঠিকভাৱে নোপোৱাৰ অভিযোগ।বিগত তিনি দিন ধৰি তেওঁলোক আছে মুকলি আকাশৰ তলত। আনকি খাবৰ বাবে এটুপি বিশুদ্ধ খোৱাপানীও নাই।
চাৰি দিন পিছত স্থানীয় প্রশাসনে কিছু চাউল, দাইল আৰু খোৱাতেল দিলেও সেয়া সকলোৱে নোপোৱাৰো অভিযোগ গাঁওবাসীৰ। ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠা বুলিও একাংশৰ দাবী।
যমুনামুখ জিলাৰ দৰে অসমৰ ২৯খন জিলাৰ ছবিও প্ৰায় একেই ধৰণৰ। বানত ক্ষতিগ্রস্ত আঢ়ৈ হাজাৰোধিক গাঁও। ৬ লাখ লোক প্রভাবিত হৈছে বানত। ৩৪৩টা আশ্ৰয় শিবিৰ খোলা হৈছে ৰাজ্যখনত। তাত প্রায় ৮৭ হাজাৰ লোকে আশ্রয় লৈছে।