কৰোনাৰ পৰিসমাপ্তি ঘটাৰ পূৰ্বেই নতুন ভাইৰাছৰ প্ৰকোপ আৰম্ভ ইউৰোপত। ক্রমে বাঢ়িছে মাঙ্কিপক্সত আক্রান্তৰ সংখ্যা। স্পেইন আৰু পর্তুগালৰ দৰে ইউৰোপৰ একাধিক দেশ আৰু আমেৰিকাত ইতিমধ্যে মাঙ্কিপক্সত আক্রান্ত ব্যক্তিৰ সন্ধান পোৱা গৈছে। ইয়াৰ মাজতেই ব্রিটেইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্র মতে, তাত মাঙ্কিপক্সত আক্রান্তৰ সংখ্যা একেকোবে দুগুণৰো অধিক হৈছে। যাৰ বাবে তৎপৰ প্রশাসন।
ব্রিটেইনত ইতিমধ্যে যথেষ্ট লোক মাঙ্কিপক্সত আক্রান্ত হৈছে। আক্রান্তৰ সংখ্যা নিয়ন্ত্রণত ৰাখিবলৈ জৰুৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে প্রশাসনে। এই ভাইৰাছত আক্রান্ত ব্যক্তি আৰু তেওঁলোকৰ সংস্পর্শলৈ যিসকল আহিছে, সকলোৰে বাবে পর্যাপ্ত পৰিমাণে ঔষধ আৰু টীকা মজুত ৰখা হৈছে। ভবিষ্যতে যাতে পৰিস্থিতি অধিক উদ্বেগজনক নহয়, তাৰ বাবে উপযুক্ত ব্যৱস্থা লোৱা হ’ব। স্বাস্থ্য বিশেষজ্ঞসকলে ইতিমধ্যে জনাইছে, ইউৰোপত মাঙ্কিপক্সত আক্রান্ত বহু লোক সমকামী বা উভকামী পুৰুষ। সম্প্রতি যিসকল যৌনতাত লিপ্ত হৈছে তেওঁলোকৰ পৰাও ভাইৰাছবিধ বিয়পা বুলি অনুমান বিশেষজ্ঞসকলৰ।