বৃহস্পতিবাৰে মহিলাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰে ভাৰতে। ৫২ কেজি বিভাগত এই স্বৰ্ণ পদক জয় কৰে ২৫ বছৰীয়া নিখাত জাৰিনে। ইস্তানবুলত অনুষ্ঠিত ফাইনেলত থাইলেণ্ডৰ জিতপং জুতামাছক ৫-০ ব্যৱধানত পৰাস্ত কৰি বিশ্ব চেম্পিয়নশ্বিপ দখল কৰে জাৰিনে।
উল্লেখ্য, ইয়াৰ পূৰ্বে মহিলা বিশ্ব চেম্পিয়নশ্বিপত ৬টাকৈ স্বর্ণ পদক লাভ কৰিছে মেৰি কমে। ইয়াৰ উপৰি সৰিতা দেৱী, জেনী আৰএল আৰু কেচি লেখাই এটাকৈ স্বৰ্ণ পদক লাভ কৰিছে৷ এইবাৰৰ স্বৰ্ণ পদক জয়েৰে জাৰিন হৈছে দেশৰ পঞ্চমগৰাকী মহিলা বিশ্ব চেম্পিয়ন। আনহাতে, বিশ্ব চেম্পিয়নশ্বিপত এইটো ভাৰতৰ দশমটো স্বৰ্ণ পদক। অন্তিমবাৰ ২০১৮ চনত মেৰি কম ৪৮ কেজি শাখাত বিশ্ব চেম্পিয়ন হৈছিল৷ ব্রাজিলৰ কেৰোলিন ডি আলমেইডাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল জাৰিন। ইয়াৰ পূৰ্বে যুৱ বিশ্ব চেম্পিয়নশ্বিপ জয় কৰিছিল তেওঁ।
জাৰিনৰ জন্ম তেলেঙ্গানাত। পিতৃ মহম্মদ জামিল আহমেদৰ ওচৰতেই আৰম্ভ বক্সিঙৰ আদিপাঠ। তাৰ পিছত ২০০৯ চনত দ্রোণাচার্য পুৰস্কাৰপ্রাপ্ত ভেঙ্কটেশ্বৰ ৰাওৰ ওচৰত প্রশিক্ষণ ল’বলৈ আৰম্ভ কৰে। এবছৰৰ ভিতৰতে তামিলনাডুৰ এক প্রতিযোগিতাত ‘গ’ল্ডেন বেষ্ট বক্সাৰ’ মনোনীত হয় জাৰিন। ২০১১ চনত তুৰস্কত অনুষ্ঠিত যুৱ বিশ্ব চেম্পিয়নশ্বিপ জয় কৰিছিল জাৰিনে। আনহাতে, ২০১৪ চনত বুলগেৰিয়াত ৰূপৰ পদক লাভ কৰে। উক্ত বছৰতেই ছার্বিয়াত অনুষ্ঠিত আন্তর্জাতিক নেচনছ কাপত স্বৰ্ণ পদক জয় কৰিছিল। ইয়াৰ পিছত ২০১৯ চনত তেওঁ থাইলেণ্ড অ’পেনত লাভ কৰিছিল ৰূপৰ পদক। বিশ্ব চেম্পিয়নশ্বিপৰ জ্যেষ্ঠ শাখাত এইটো প্ৰথম স্বৰ্ণ পদক নিখাত জাৰিনৰ।