সমাগত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত শাসক দলত প্ৰাৰ্থী কেন্দ্ৰিক অসন্তুষ্টি স্পষ্ট হৈ পৰিছে ৷ আজি ডিফুস্থিত কাৰবি আংলং জিলা প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি বিজেপিৰ টীম নিলীপৰ অসন্তুষ্টিৰ কথা সদৰি কৰে ৷ সংবাদমেলক সম্বোধন কৰি বিজেপিৰ টীম নিলীপৰ অধ্যক্ষ ছেমছন টিচ’ৱে কয় যে, যোৱা ১৩ মে’ত কংগ্ৰেংছ ত্যাগ কৰি বিজেপিত নতুনকৈ যোগদান কৰা ডাঃ মংৱে ৰংপিক নিলীপ পৰিষদীয় সমষ্টিত বিজেপিৰ টিকট দিয়াৰ কথা ওলাইছে ৷ কিন্তু ন-বিজেপি সদস্য তথা নিলীপ সমষ্টিৰ বাহিৰৰ সদস্য ডাঃ মংৱে ৰংপিৰ নিলীপত বিজেপি প্ৰাৰ্থীত্বৰ তীব্ৰ বিৰোধিতী কৰিছে টীম নিলিপে ৷
সমাগত কাৰবি পৰিষদীয় নিৰ্বাচনত নিলীপ সমষ্টিত কোনো স্থানীয় প্ৰাৰ্থীৰ লগতে নতুন প্ৰাৰ্থীক প্ৰাৰ্থূত্ব প্ৰদান কৰাৰ বাবে দাবী জনায় ৷ অধ্যক্ষগৰাকীয়ে লগতে ইয়াকো কয় যে নিলীপত পুৰণা প্ৰাৰ্থী বা নিলীপৰ বাহিৰৰ নবিজেপি সদস্যক টূম নিলীপে আকোঁৱালি নলয় ৷ এই সন্দৰ্ভত টীম নিলীপৰ ক্ৰমে, অধ্যক্ষ ছেমছন তিচ’, আহ্বায়ক খগেন টেৰণ, বিত্তীয় সম্পাদক সকল বিজয় বে’, ৱাৰনভাচ কিলিং, ছংজা তিমুঙ, সুনিল টকবী আৰু জৰ্জ ৰংপি স্বাক্ষৰিত এক আপত্তি পত্ৰও জিলা বিজেপিৰ সভাপতিৰ ওচৰত দাখিল কৰিব বুলি সংবাদমেলত জানিবলৈ দিয়ে ৷