এক পথ দুর্ঘটনাত মৃত্যু হ’ল অষ্ট্ৰেলিয়াৰ প্রাক্তন অলৰাউন্ডাৰ এন্ড্রু ছাইমন্সৰ। শনিবাৰে নিশা ১১মান বজাত কুইন্সলেণ্ড প্রদেশৰ টাউন্সভিলৰ পৰা প্রায় ৫০ কিলোমিটাৰ দূৰৈত এই দুর্ঘটনাটো ঘটে। ছাইমন্সৰ মৃত্যুৰ বিষয়টি তদন্ত কৰিছে কুইন্সলেণ্ড আৰক্ষীয়ে।
এক বিবৃতিত তেওঁলোকে জনাইছে, ‘আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। তেওঁ হার্ভে ৰেঞ্জৰ ওচৰত দুর্ঘটনাৰ কবলত পৰে। তাৎক্ষণিকভাবে তেওঁক বচাবৰ বাবে সর্বোচ্চ চেষ্টা কৰা হৈছিল। কিন্তু সেয়া সম্ভব নহ’ল’।
১৯৯৮-২০০৯ চন পর্যন্ত কেৰিয়াৰত অষ্ট্ৰেলিয়াৰ হৈ ২খন বিশ্বকাপ জয় কৰিছে চাইমঞ্চে। ইয়াৰে ভিতৰত আছে ২০০৩ চনৰ অপৰাজিত চেম্পিয়ন হোৱাৰ ৰেকৰ্ডও। উক্ত তাৰকাজনৰ মৃত্যুত শোক প্রকাশ কৰিছে অষ্ট্ৰেলিয়া ক্রিকেটে।
এক বিবৃতিত অষ্ট্ৰেলিয়া ক্রিকেট বোর্ডৰ অধ্যক্ষ হেন্ডাৰছনে জনাইছে, ‘এন্ড্রু তেওঁৰ প্রজন্মৰ অন্যতম মেধাবী খেলুৱৈ। তেওঁ দেশৰ হৈ বিশ্বকাপ জয় কৰিছে। কুইন্সলেণ্ডৰ ক্রিকেটৰ উন্নতিত তেওঁৰ অৱদান অনস্বীকার্য। তেওঁৰ মৃত্যুত আমি শোকাহত। আমি তেওঁৰ পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰিছো।’
বার্মিংহামত জন্মগ্রহণ কৰা ছাইমন্সৰ ইংলেণ্ডৰ হৈও খেলাৰ সম্ভাবনা আছিল। ১৯৯৫ চনত গ্লুচেস্টাৰশায়াৰৰ হৈ ১৬টা ছয়সহ ২৫৪ ৰান কৰাৰ পিছত ইংলেণ্ড ‘এ’ দলৰ আমন্ত্ৰণ লাভ কৰিছিল। কিন্তু ছাইমঞ্চে সেই প্রস্তাব নাকচ কৰি অষ্ট্ৰেলিয়াৰ হৈ খেলে।
১৯৯৮ চনত এদিনীয়াত অভিষেক হয় তেওঁৰ। ২০০৩ চনৰ বিশ্বকাপত নিজৰ প্রথম মেচত পাকিস্তানৰ ৱাচিম আক্রম, ৱাকাৰ ইউনিছ, শোয়েব আখতাৰৰ বলিং বিভাগৰ বিপক্ষে ১২৫ বলত ১৪৩ ৰানৰ অপৰাজিত ইনিংছ উপহাৰ দিয়ে।
বিশ্বকাপৰ ইতিহাসত সেয়া আজিও অন্যতম শ্ৰেষ্ঠ ইনিংছ। এদিনীয়া ক্ৰিকেটত তেওঁৰ শতৰাণৰ সংখ্যা ৬টা। দেশৰ হৈ ২৬খন টেষ্ট, ১৯৮খন এদিনীয়া আৰু ১৪খন টি-২০ খেলিছে ছাইমঞ্চে। টেষ্টত ১৪৬২, এদিনীয়াত ৫০৮৮ আৰু টি-২০ত ৩৩৭ ৰান কৰিছে তেওঁ। এইগৰাকী অলৰাউণ্ডাৰৰ তিনিওটা ফৰমেটত উইকেটৰ সংখ্যা ১৬৫টা।