ASSAM TIMES POST
ডিব্ৰুগড়ঃ যোৱা ১৬ অক্টোবৰৰ নিশাৰে পৰা এগৰাকী বৃদ্ধা নিখোজ হোৱা খবৰে চাঞ্চল্যৰ স্বৃষ্টি কৰিছে। জানিব পৰামতে চহৰখনৰ দক্ষিণ আমোলাপটিৰ সুদেশ বন্ধু বৰকাকতিৰ পত্নী ৰমলা বৰকাকতি(৭০)নিশা ঘৰৰ পৰা ওলাই যোৱাৰ পিছত পুনৰ ঘৰলৈ ঘূৰি নহাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।
নীলা ৰঙৰ পাৰি দিয়া মেখেলা-চাদৰ পৰিহিত বৃদ্ধা গৰাকীয়ে নিজ স্বামীৰ লগত কিবা কথাত কাজিয়া লাগি ঘৰৰ পৰা নিশাই ওলাই যোৱাৰ পিছত ঘূৰি নহাত পৰিয়ালৰ লোকে আমোলাপটি আৰক্ষী চকীত এক গোচৰ দিয়ে।
দুগৰাকী কন্যা আৰু এজন পুত্ৰ থকা বৃদ্ধা গৰাকীৰ এই পৰ্যন্ত কোনো সম্ভেদ পোৱা নাই। কোনো সদাশয়ে কিবা সম্ভেদ পালে আৰক্ষীক বা ৭০০২৩-১১৪২১১ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে জনাইছে।













