ASSAM TIMES POST
গুৱাহাটীঃ উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক মধ্য প্ৰদেশলৈ বদলিৰ নিৰ্দেশনা প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ এছএ ববডে আৰু আৰএফ নাৰিমেনৰ বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। বিচাৰপীঠে ১৯৯৫ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ আইএএছ বিষয়াগৰাকীক ৭ দিনৰ ভিতৰত বদলি কৰিব লাগিব বুলি স্পষ্টভাৱে কয়।
হাজেলাই তেওঁৰ জীৱনলৈ ভাবুকি অহাৰ কথা উচ্চতম ন্যায়ালয়ত অৱগত কৰাতে সৰ্বোচ্চ ন্যায়ালয়ে এই নিৰ্দেশ দিয়ে। ইয়াকে লৈ সম্প্ৰতি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰশ্ন উত্থাপন হৈছে যে হাজেলাক নিৰাপত্তা প্ৰদান কৰাত ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে নেকি? হাজেলাই তেওঁৰ জীৱনলৈ ভাবুকি অহাৰ কিবা উমান পাইছিলনে? এটা কথা মন কৰিবলগীয়া যে এনআৰচিৰ আংশিক বা চূড়ান্ত খচৰা প্ৰকাশৰ সময়ত ৰাজ্যৰ শান্তি-শৃংখলা নিয়ন্ত্ৰণ কৰিবলৈ অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছিল। সমান্তৰালভাৱে চূড়ান্ত এনআৰচি প্ৰকাশৰ সময়তো একে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। তদ্ৰুপ এনআৰচিৰ কাৰ্যালয় আৰু হাজেলাৰো নিৰাপত্তা ব্যৱস্থা পানী নসৰকা কৰা হৈছিল।
তেওঁৰ কন্যাকো নিৰাপত্তাৰক্ষীয়ে নিৰাপত্তা প্ৰদান কৰিছিল। তেনে সময়তে কি পৰিস্থিতিত হাজেলাই জীৱনলৈ ভাবুকি অহাৰ কথা উচ্চতম ন্যায়ালয়ক জনাবলগীয়া হ’ল সেয়া বিচাৰ্যৰ বিষয়। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে এনআৰচি প্ৰকাশৰ পাছত সম্প্ৰতি ৰাজ্যৰ আইন-শৃংখলাজনিত পৰিস্থিতি সুস্থিৰ। এনআৰচি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠা নাই যদিও সকলোৱে আইনক বিশ্বাসত লৈ যাৱতীয় কাম-কাজ কৰি গৈছে। তেনে সময়তে মুখ্য সমন্বয়কগৰাকীয়ে জীৱনৰ নিৰাপত্তাৰ বাবে অন্য স্থানলৈ গুচি গ’লে, সমস্ত প্ৰক্ৰিয়াটোত যে স্থৱিৰতা আহি পৰিব সেয়া ধুৰুপ। হাজেলাই নিৰাপত্তাহীনতাত ভূগিছে বুলি বিবেকৰে নে আনৰ হেঁচাত উচ্চতম ন্যায়ালয়ক ক’লে, সেইটো এটা গুৰুত্বপূৰ্ণ কথা।













