![]()
পশ্চিম তীৰত ফিলিস্তিন ভূখণ্ডত ইজৰাইলি অভিযানৰ খবৰ সংগ্রহৰ সময়ত কাটাৰ ভিত্তিক গণমাধ্যম আলজাজিৰাৰ এজন সাংবাদিকক গুলীয়াই হত্যা কৰে বেদখলকাৰীয়ে।
বুধবাৰে এই তথ্য জনাইছে ফিলিস্তিনৰ স্বাস্থ্য মন্ত্রণালয়ে। আলজাজিৰাৰ খবৰত কোৱা হৈছে, পশ্চিম তীৰৰ জেনিন চহৰত ইজৰাইলি অভিযানৰ খবৰ সংগ্রহৰ সময়ত সাংবাদিক চিৰিন আবু আকলেহক গুলীয়াই হত্যা কৰা হৈছে।
ঘটনাৰ ভিডিও বিশ্লেষণ কৰি জনা যায়, চিৰিন আবু আকলেহকৰ মূৰত গুলী কৰা হৈছে। ফিলিস্তিনৰ চহৰ ৰামাল্লাত উপস্থিত আলজাজিৰাৰ সাংবাদিক নিদা ইব্রাহিমে জনাইছে, ‘আমি এই পর্যন্ত জানো- চিৰিন আবু আকলেহকৰ মৃত্যুৰ তথ্যটি নিশ্চিত কৰিছে ফিলিস্তিন স্বাস্থ্য মন্ত্রণালয়ে। তেওঁ পশ্চিম তীৰৰ উত্তৰ দিশৰ অঞ্চলত ইজৰাইলি অভিযানৰ তথ্য সংগ্রহ কৰিছিল। সেই সময়তে তেওঁৰ মূৰত বুলেট লাগে।’












