ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁও যোগান বিভাগত সামগ্ৰী পৰিবহনৰ নামত অনিয়মৰ অভিযোগঃ চৰকাৰৰ মাহিলি লোকচান ২০ লক্ষাধিক টকা

ASSAM TIMES POST by ASSAM TIMES POST
October 17, 2019
Reading Time: 1 min read
A A
0
# নগাঁৱৰ ৰাইদঙীয়াত পুত্ৰৰ  প্ৰহাৰত মৃতপ্ৰায় মাতৃ

logo atp | ASSAM TIMES POSTASSAM TIMES POST
নগাঁওঃ খাদ্য সামগ্ৰী পৰিবহনৰ নামত নগাঁও যোগান বিভাগত ৰাজহ লোকচানৰ এক ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে ।জানিব পৰা মতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত নগাঁও জিলাত সমবায় সমিতি সমূহলৈ সামগ্ৰী পৰিবহন ঠিকাৰ বাবে ২০১৮-১৯ বিত্তীয় বৰ্ষত নিবিদা নং-এন এচ জি এন ২০১৭/৫৫৬৩ অনুসৰি যি কেইটা প্ৰতিষ্ঠানক ঠিকা প্ৰদান কৰা হৈছিল সেই প্ৰতিষ্ঠান কেইটাৰ ঠিকাৰ ম্যাদ চলিতবৰ্ষৰ ৩১ মাৰ্চতে উকলি যায়।তৎসত্বেও আজি পৰ্যন্ত এই প্ৰতিষ্ঠান কেইটাই সামগ্ৰী পৰিবহনৰ কাম কৰি থকাৰ অভিযোগ উঠিছে।

RELATED POSTS

Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

যাৰ ফলত ৰাজ্য চৰকাৰে হেৰুৱাইছে প্ৰতিমাহে প্ৰায় ২০ লক্ষাধিক টকাৰ ৰাজহ।সেই হিচাপে বিগত পাঁচটা মাহত ৰাজ্য চৰকাৰে প্ৰায় এক কোটি টকাৰ ৰাজহ হেৰুৱাইছে।এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই ন্যায়ালয়ৰ ৰায়কো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে।জানিব পৰামতে ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে নগাঁও জিলা যোগান বিভাগে নিবিদা জাননী নং এন এচ জি ১/২০১৯/১২-১০ জৰিয়তে নিবিদা আহ্বান কৰিছিল।সেই অনুযায়ী বহু কেইটা ঠিকাদাৰ প্ৰতিষ্ঠানে নিবিদা দিছিল।কিন্তু কম নিৰিখত নিবিদা দি ঠিকা লাভ কৰা প্ৰতিষ্ঠান কেইটাক বঞ্চিত কৰি পূৰ্বৰ বিত্তীয় বৰ্ষত নিবিদা অনুযায়ী ঠিকা লাভ কৰা প্ৰতিষ্ঠান কেইটাকে পৰিবহনৰ ঠিকা প্ৰদান কৰি অহাৰ ফলত ৰাজ্য চৰকাৰে মাহিলি হেৰুৱাইছে প্ৰায় ২০ লাখ টকা ৰাজহ।

উল্লেখ্য,২০১৮-১৯ বৰ্ষৰ নিবিদা মৰ্মে বৰ্তমানলৈকে ঠিকা লাভ কৰি থকা প্ৰতিষ্ঠান সমূহৰ ভিতৰত দুটা উল্লেখযোগ্য প্ৰতিষ্ঠান হৈছে নিশিকা ৰ’ডলাইনচ আৰু উৎসৱ কনষ্ট্ৰাকচন।তাৎপৰ্যপূৰ্ণ যে ২০১৯-২০ বিত্তীয় বৰ্ষৰ পৰিবহন ঠিকাৰ বাবে চলিত বৰ্ষৰ জানুৱাৰী মাহত নিবিদাৰ আহ্বান কৰিছিল।সেই অনুযায়ী বহু কেইটা প্ৰতিষ্ঠানে নিবিদা দিছিল।চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ৮ তাৰিখে সেই নিবিদা খোলাৰ কথা আছিল। কিন্তু দুই ফেব্ৰুৱাৰীৰ দিনা নিশিকা ৰ’ডলাইনচ আৰু উৎসৱ কনষ্ট্ৰাকচনকে ধৰি চাৰিটা প্ৰতিষ্ঠানে বিগত বৰ্ষৰ ঠিকাৰ ম্যাদ বঢ়াবৰ বাবে ন্যায়ালয়ত আবেদন কৰে।

কিন্তু ন্যায়ালয়ে তেওঁলোকৰ সেই আবেদন খাৰিজ কৰে।তৎসত্বেও ইয়াৰ পিছতো যোগান বিভাগে নতুন নিবিদা মুকলি নকৰি পুৰণা নিবিদা অনুযায়ীয়েই ২০১৮-১৯ বিত্তীয় বৰ্ষৰ প্ৰতিষ্ঠানকে ঠিকা দি তাৰিখ পিছুৱাই থাকে।ইয়াৰ পিছতে নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ আলম লৈ ২০১৯-২০ বিত্তীয় বৰ্ষৰ নিবিদাৰ ফলাফল ঘোষনা নকৰিলে বিভাগীয় কৰ্তৃপক্ষই।অৱশ্যে চলিত বৰ্ষৰ ১৮ জুনত বিভাগীয় কৰ্তৃপক্ষই তথ্যপাতি চাই ২০১৯-২০ বৰ্ষত নিবিদা দিয়া প্ৰতিষ্ঠান সমূহৰ এখন তালিকা প্ৰকাশ কৰে।কিন্তু ১৫ জুলাইত নিশিকা ৰ’ডলাইনচ নামৰ প্ৰতিষ্ঠানটোৱে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে।

ন্যায়ালয়ে ২৪ জুলাইত তেওঁলোকৰ সেই আবেদনৰ ৰায় হিচাপে দুটা বিশেষ প্ৰতিষ্ঠানক বাদ দি অন্য প্ৰতিষ্ঠান সমূহৰ নিবিদা প্ৰক্ৰিয়া আগুৱাই নিয়াৰ নিৰ্দেশ দিয়ে।ইয়াৰ মাজতে ৫ আগষ্টত উৎসৱ কনষ্টাকচন নামৰ আন এক প্ৰতিষ্ঠানে গুৱাহাটী উচ্চ ন্যায়ালয়ত আন এক গোচৰ তৰে।ইপিনে ৮ আগষ্টত ২০১৯-২০ বিত্তীয় বৰ্ষৰ নিবিদা অনুযায়ী ঠিকা লাভ কৰা প্ৰতিষ্ঠান সমূহত যোগান বিভাগে কাম কৰাৰ অনুমতি প্ৰদান কৰিছিল।কিন্তু ৫ আগষ্টৰ গোচৰৰ ৰায় মৰ্মে আদালতে বিভাগৰ সেই নিৰ্দেশৰ স্হগিতাদেশ জাৰি কৰে।তাৰ পিচত ২ ছেপ্টেম্বৰত ২০১৯-২০ বিত্তীয় বৰ্ষত নিবিদা অনুযায়ী ঠিকা লাভ কৰা প্ৰতিষ্ঠান সমূহে আদালতত গোচৰ তৰে।সেই গোচৰৰ ৰায় মৰ্মে আদালতে কোনো ধৰণৰ পলম নকৰাকৈ নতুনকৈ নিবিদাৰ জৰিয়তে পৰিবহন ঠিকা লাভ কৰা প্ৰতিষ্ঠান সমূহক ঠিকা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

কিন্তু আদালত ৰায়ক গুৰুত্ব নিদি নগাঁও জিলা যোগান বিভাগে আজি পৰ্যন্ত ২০১৯-২০ বিত্তীয় বৰ্ষৰ নিবিদা অনুযায়ী ঠিকা লাভ কৰা প্ৰতিষ্ঠান সমূহক ঠিকা প্ৰদান নকৰি ২০১৮-১৯ বিত্তীয় বৰ্ষৰ নিবিদা অনুযায়ী ঠিকা লাভ কৰা প্ৰতিষ্ঠান সমূহকে কাম কৰি যোৱাৰ সুবিধা প্ৰদান কৰিছে।অভিযোগ মতে ২০১৮-১৯ বিত্তীয় বৰ্ষত প্ৰতিষ্ঠান সমূহে উচ্চ নিৰিখত নিবিদা দিছিল।

২০১৯-২০ বৰ্ষত কম নিৰিখত নিবিদা দিছিল বহু কেইটা প্ৰতিষ্ঠানে। নিবিদাৰ নিৰিখ প্ৰতি কুইন্টল চাউল তথা সামগ্ৰীৰ বিপৰীতে ২৯ ৰ পৰা ১৬ টকা পৰ্যন্ত পাৰ্থক্য আছে।অৰ্থ্যাৎ ২০১৮-১৯ বৰ্ষতকৈ ২০১৯-২০ বৰ্ষত নিবিদাৰ নিৰিখ কম। এনে অৱস্থাত পুৰনা নিবিদা অনুযায়ী পৰিবহনৰ ঠিকাৰ কাম চলি থকাত চৰকাৰে মাহে প্ৰায় ২০ লাখ টকা ৰাজহ হেৰুৱাব লগা হৈছে ।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police
Assam

Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police

by Staff Reporter
May 7, 2026
50
Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা
Assam

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

by News Desk
May 6, 2026
50
Assam CM : মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ ভিডিঅ’, উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি জনস্বাৰ্থৰ গোচৰ
Assam

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

by Staff Reporter
May 6, 2026
50
Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা
Assam

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

by News Desk
May 5, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
Assam

Assam Election results I অসমৰ সকলো ভাই-ভনীক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ; পুনৰ শাসনভাৰ দখলৰ পিছত প্ৰধানমন্ত্ৰী মোদী

by Staff Reporter
May 5, 2026
50
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা
Assam

Assam Election 2026 I এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকল

by Staff Reporter
May 5, 2026
50
ADVERTISEMENT
Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল
National-International

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

May 7, 2026
50
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি
National-International

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

May 7, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

May 7, 2026
50
পশ্চিম বংগত শাসক সলনিৰ লগে লগে সুৰ সলালে বাংলাদেশে, মমতাক তীব্ৰ আক্ৰমণ বিএনপিৰ
National-International

Bengal violence I ৰাজনৈতিক প্ৰতিহিংসাৰ বলি চন্দ্ৰনাথ, তৃণমূলক সকীয়নি ক্ষুব্ধ বিজেপি

May 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

Bengal violence : ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন জোৱান চন্দ্ৰনাথ তৃণমূলৰ দিনৰ পৰাই শুভেন্দুৰ সংগী আছিল, ছবছৰ পূৰ্বে ব্যক্তিগত সহায়ক হৈছিল

May 7, 2026
ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

ECI : অসমকে ধৰি চাৰি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পুডুচেৰীৰ পৰা উঠিল আদৰ্শ আচৰণ বিধি

May 7, 2026
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?

Tamil Nadu Election । বিজয়ে চৰকাৰ গঠন কৰিব বিচাৰিলেও সংখ্যাগৰিষ্ঠতাত সন্তুষ্ট নহয় ৰাজ্যপাল, তামিলনাডুত অচলাৱস্থা অব্যাহত

May 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx