ASSAM TIMES POST
গুৱাহাটীঃ শীঘ্ৰেই উত্তৰ পূব সীমান্ত ৰেলৱেয়ে ৮ হাজাৰ কিলোৱাট সৌৰ শক্তি উৎপাদন কৰিব। যাৰ ফলত বছৰি ৪ কোটি ৭৩ লাখ টকা ৰাহি হ’ব। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা সদৰী কৰিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দে।
তেওঁ ইয়াত উল্লেখ কৰা অনুসৰি, ২০১৭ বৰ্ষতে ৭০০ কিলোৱাট সৌৰ শক্তি উৎপাদন কৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেলৱে ষ্টেচন হিচাপে পৰিগণিত হৈছিল গুৱাহাটী ৰেলৱে ষ্টেচন। ইয়াৰ পিছৰপৰা ৰেলৱেৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন কাৰ্যালয়, ষ্টেচন ভৱন, বিভিন্ন স্তৰৰ লেভেং ক্ৰছিং গেটত ছ’লাৰ পেনেল স্থাপন কৰা হৈছিল য’ৰপৰা ২৪২৮ কিলোৱাট সৌৰ শক্তি আহৰণৰে ২ কোটি টকা ৰাহি হয়।
সম্প্ৰতি ১০৪৩ কিলোৱাট সৌৰশক্তি আহৰণ কৰিবপৰা এটা প্ৰকল্পৰ কাম চলি আছে আৰু ৪৩৬৫ কিলোৱাট সৌৰশক্তি আহৰণৰ এটা প্ৰকল্প স্থাপনৰ পৰিকল্পনা কৰা হৈছে। এই সকলোবোৰ মিলাই শীঘ্ৰেই উত্তৰ পূব সীমান্ত ৰেলৱে হৈ পৰিব ৮ হাজাৰ সৌৰ শক্তি উৎপাদনকাৰী দেশৰ অন্যতম ৰেলৱে মণ্ডল।













