পৰিবহন নিগমৰ দ্ৰুতবেগী বাছে মহতিয়ালে ছাত্ৰী সহ কেইবাজনক
ASSAM TIMES POST
নগাঁওঃ নগাঁও জিলাৰ আমনিত আজি ৰাজ্যিক পৰিবহন নিগমৰ এখন দ্ৰুতবেগী বাছে মহতিয়ালে কেইবাজনো লোকক। দুৰ্ঘটনাটোত এগৰাকী ছাত্ৰী থিতাতে নিহত হোৱাৰ লগতে আন চাৰিজন লোক আহত হয় । নিহত ছাত্ৰী গৰাকী আমণিৰ ৰবিজা খাতুন বুলি চিনাক্ত কৰা হৈছে ।
জানিব পৰা মতে যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী ৰাজ্যিক পৰিবহন নিগমৰ এখন দ্ৰুতবেগী বাছে নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষেৰে গৈ থকা গৈ থকা কেইবাজনো পথাচাৰীক মহতিয়াই নিয়ে। উক্ত দুর্ঘটনাত ৰাবিজা খাতুন নামৰ এগৰাকী ছাত্ৰী থিতাতে নিহত হয় ।
আনহাতে দুৰ্ঘটনাটোত আহত আন চাৰিজন লোকৰ ভিতৰত ফৰিদা খাতুন নামৰ এগৰাকী যুৱতীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । চিকিৎসাৰ বাবে প্ৰথমে নগাঁৱলে অনা আহত যুৱতী গৰাকীক পাচত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।দুর্ঘটনা সংঘটিত কৰা বাছখন আৰক্ষীয়ে জব্দ কৰে ।
ইপিনে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাচত একাংশ উত্তেজিত ৰাইজে টায়াৰ জ্বলাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। ফলত কিছুসময়ৰ বাবে ৰাষ্ট্রীয় ঘাইপথটোৰে যানবাহনৰ চলাচল ব্যাহত হৈ পৰে। আনহাতে এই পথ অৱৰোধৰ বাবে
দুৰ্ঘটনাস্থলীত বহুসময় আবদ্ধ হৈ থাকে মন্ত্ৰী অতুল বৰাৰ কনভয় । পিছত অৱশ্যে আৰক্ষীৰ হস্তক্ষেপত পথটো মুকলি কৰা হয়।
…………….












