ASSAM TIMES POST
গুৱাহাটীঃ অহা ২১ নৱেম্বৰত অসমৰ সোণাৰি, ৰঙাপৰা, জনিয়া আৰু ৰাতাবাৰী বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনত আটাইকেইটা সমষ্টিতে কংগ্ৰেছৰ জয় নিশ্চিত বুলি বুধবাৰে দাবী কৰে নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ তত্বাৱধায়ক আৰু উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱটে।
এপিচিচিৰ সদৰ গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত তেওঁ এই কথা সদৰী কৰি শাসকীয় ভাৰতীয় জনতা পাৰ্টিক ক্ষুৰধাৰ সমালোচনা কৰে। তেওঁ কয় যে চাহ-শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাত বিজেপি চৰকাৰ বিফল হৈছে। এনেবোৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে কংগ্ৰেছে ১৫ নৱেম্বৰত প্ৰতিবাদ কৰিব বুলি তেওঁ সংবাদমেলত ঘোষণা কৰে।
সংবাদমেলত এপিচিচিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰঞ্জন বৰা, কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা প্ৰমুখ্যে আন আন বিষয়-ববীয়াসকল উপস্থিত থাকে।













