ASSAM TIMES POST
গুৱাহাটীঃ অসম কৃষি বিশ্ববিদ্যালয় আৰু সদৌ অসম বাণিজ্যিক পক্ষী পালক আৰু ব্যৱসায়ী সন্থাৰ যৌথ উদ্যোগত অহা ১৭, ১৮ আৰু ১৯ অক্টোবৰত গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত এখন বাণিজ্যিক পক্ষী মেলাৰ আয়োজন কৰা হৈছে।
উত্তৰ পূৰ্বাঞ্চলত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা উক্ত মেলাত ভাৰতৰ বিভিন্ন ঠাইৰ ইয়াৰ সৈতে জড়িত বহুজাতিক কোম্পানী, গৱেষক, উদ্যোগী ও প্ৰগতিশীল হাঁহ-কুকুৰা পালকৰ সমাগম হ’ব। মেলাৰ বিশেষ আকৰ্ষণ হ’ব বিভিন্ন প্ৰজাতিৰ বাণিজ্যিক পক্ষীৰ প্ৰদৰ্শনী।
তাৰোপৰি হাঁহ-কুকুৰা পালনৰ লগত জড়িত যন্ত্ৰ-পাতি, দানা, ঔষধ ইত্যাদিও প্ৰদৰ্শন কৰা হ’ব। ইফালে অসমত ক্ৰমবৰ্ধমান চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এই মেলাত কণী পৰা কুকুৰা আৰু বতা চৰাই পালন ও ব্যৱস্থাপনাৰ বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী ৰখা হৈছে য’ত সমল ব্যক্তি হিচাপে অংশ ল’ব এই দিশত অভিজ্ঞ ভাৰতৰ আগশাৰীৰ গৱেষক, তথা বিভিন্ন কোম্পানীৰ বিষয়ববীয়াই।
তাৰোপৰি পক্ষী পালনৰ আন দিশসমূহ সামৰি কেইবালানি আলোচনা চক্ৰও অনুষ্ঠিত হ’ব। এই মেলা অসমৰ থলুৱা কৃষক, প্ৰগতিশীল ও উদ্যোগী ব্যক্তি তথা শিক্ষিত নিবনুৱাৰ বাবে উদ্যোগী মানসিকতা আৰু ব্যৱহাৰিক জ্ঞান লাভৰ এক মঞ্চ হ’ব।













