ASSAM TIMES POST
গুৱাহাটীঃ প্ৰাক প্ৰাথমিক স্তৰৰ শিশুৰ বাবে কোনোধৰণৰ লিখিত বা মৌখিক পৰীক্ষা অনুষ্ঠিত নকৰাৰ পোষকতা কৰিছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ এনচিইআৰটিয়ে। এই সম্পৰ্কত এনচিইআৰটিয়ে কয় যে লিখিত বা মৌখিক পৰীক্ষা এনে শিশুসকলৰ কাৰণে ক্ষতিকাৰক আৰু অপ্ৰয়োজনীয়। উল্লেখযোগ্য যে এনচিইআৰটিয়ে দেশৰ প্ৰাক প্ৰাথমিক শিক্ষা সম্পৰ্কত এখন গাইডলাইন প্ৰকাশ কৰিছে। য’ত লিখিত বা মৌখিক পৰীক্ষাৰ পৰিৱৰ্তে প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিৰীক্ষণৰ ভিত্তিত লিখিত নোট প্ৰস্তুত কৰাত গুৰুত্ব প্ৰদান কৰিছে এনচিইআৰটিয়ে।













