ASSAM TIMES POST
গুৱাহাটীঃ অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ নিৰ্বাচন সমিতিয়ে সমাগত নিৰ্বাচনত বিভিন্ন পদত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ তালিকা বুধবাৰে ঘোষণা কৰে।
সভাৰ গুৱাহাটী কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত নিৰ্বাচন সমিতিৰ মুখপাত্ৰ বিজন কুমাৰ মহাজনে ঘোষণা কৰে যে সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ পদত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া মুঠ ১৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰ-পত্ৰ বৈধ বুলি বিবেচিত হৈছে। সেই অনুসৰি সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া ৭ গৰাকী প্ৰাৰ্থী হৈছে ডঃ বসন্তকুমাৰ গোস্বামী, সূৰ্যকান্ত হাজৰিকা, পখিলা কলিতা, কুলধৰ শইকীয়া, ডঃ কৰবী ডেকা হাজৰিকা, ডঃ জয়শ্ৰী গোস্বামী মহন্ত আৰু প্ৰহ্লাদ চন্দ্ৰ তাছা।
উপ-সভাপতিৰ পদত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া ৪ গৰাকী প্ৰাৰ্থী হৈছে ৰতিমোহন নাথ, মৃণালিনী দেৱী, পদুমী গগৈ আৰু ডঃ বসন্ত কুমাৰ শৰ্মা। ইফালে প্ৰধান সম্পাদকৰ পদত প্ৰতিদ্বন্দ্বিতা কৰিবলীয়া ৩ গৰাকী প্ৰাৰ্থী হ’ল যাদৱচন্দ্ৰ শৰ্মা, হৰেন্দ্ৰ কলিতা আৰু দেৱজিত বৰা। সংবাদমেলত মহাজনে কয় যে অহা ১ নৱেম্বৰৰপৰা জিলা আৰু শাখা পৰ্যায়ত ডাকযোগে ভোটপত্ৰ প্ৰেৰণ আৰু ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ’ব।
১০ ডিচেম্বৰত ভোটদান পৰ্ব শেষ হোৱাৰ লগে লগে বিয়লি ৪ বজাত নিৰ্বাচনী বিষয়াৰ উপস্থিতিত ভোট বাকচ বন্ধ কৰা হ’ব আৰু সেইদিনাই গুৱাহাটীৰ পানবজাৰ থানাত আৰক্ষীৰ নিৰাপত্তাত ভোট বাকচ ৰখা হ’ব। ১৫ ডিচেম্বৰৰ পুৱা ৭ বজাৰ ভিতৰত পানবজাৰ থানাৰপৰা আৰক্ষীৰ নিৰাপত্তাসহ ভোট বাকচ সভাৰ সপ্তম কাৰ্যনিৰ্বাহক অধিৱেশনস্থলীলৈ নিয়া হ’ব আৰু কাৰ্যনিৰ্বাহক সভাত সভাই নিৰ্ধাৰণ কৰা সময়ত নিৰ্বাচন সমিতিয়ে ভোট গণনা আৰম্ভ কৰি গণনাৰ অন্তত ফলাফল ঘোষণা কৰিব।













