ASSAM TIMES POST
গুৱাহাটীঃ জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ ৰ বিৰুদ্ধে মিজোৰাম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰিছে। মাথো অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেহে ইয়াৰ বিৰোধিতা কৰা নাই।– এই মন্তব্য ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।
মঙলবাৰে দিছপুৰৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত এখন সংবাদমেলত তেওঁ এই কথা কয়। তেওঁ কয় যে বৰ্তমান অসমৰ জাতীয় জীৱনলৈ মহা সংকট আহিছে৷ কিন্তু বিজেপি চৰকাৰ এতিয়া নিদ্ৰাৰত। বিধেয়কখনৰ বিৰুদ্ধে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ সভাপতি অমিত শ্বাহৰ ওচৰত মাত মাতিবলৈ এওঁলোকৰ সাহস নাই।
ভাৰতীয় জনতা পাৰ্টিয়ে মুঠতে সকলোকে ঠগিলে। সংবাদমেলত তেওঁ একালৰ সতীৰ্থ ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে তেওঁ এজন পেইড গায়ক। য’তে থাকে তাৰেই গুণ–গান গায়।













