ASSAM TIMES POST
গুৱাহাটীঃ বিশিষ্ট বিপ্লৱী কমিউনিষ্ট নেতা তথা মুক্তি যুঁজাৰু অম্বু বৰাই মঙলবাৰে দিনৰ ১১ বজাত গুৱাহাটীৰ গণেশগুৰিস্থিত বাসভৱনত বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯২ বছৰ। সৈনিক শিল্পী বিষ্ণু ৰাভাৰ সংগ্ৰামী সতীৰ্থ প্ৰয়াত অম্বু বৰাক ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে মুক্তি যুঁজাৰু হিচাপে সম্বৰ্ধনা জনাইছিল।
ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি (আৰচিপিআই)ৰ আজীৱন সদস্য প্ৰয়াত বৰাই দলটোৰ ৰাজ্যিক সম্পাদক হিচাপেও কাৰ্য নিৰ্বাহ কৰিছিল।
অসমত সংঘটিত পঞ্চাশৰ দশকৰ ঐতিহাসিক ভূমি আন্দোলনত প্ৰয়াত বৰাই এজন অগ্ৰণী কৃষক নেতা হিচাপে আগবঢ়োৱা বৰঙণিৰ ফলতেই পৰৱৰ্তী সময়ত ১৯৬২ চনত আধিয়াৰ স্বত্ব সংৰক্ষণ আইন আৰু ছিলিং আইন বলৱৎ হৈছিল। তেখেতে তিনিজন পুত্ৰ, এগৰাকী জীয়ৰীসহ এজন জোঁৱাই আৰু পাঁচটি নাতি-নাতিনীক এৰি থৈ গৈছে।













