ASSAM TIMES POST
গুৱাহাটীঃ সর্বশিক্ষা অভিযান মাজুলী জিলাৰ উদ্যোগত আজি জিলাখনৰ সকলো নিম্ন প্ৰাথমিক বিদ্যালয়ত ১৫ অক্টোবৰ ‘বিশ্ব হাত ধোৱা দিৱস’ পালন কৰা হয়। মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা জিলা সৰ্বশিক্ষা অভিযান মিছন সমন্বয়ক নৰেন দাসৰ প্ৰচেষ্টাত আৰু জিলা সৰ্বশিক্ষা অভিযান মিছন আচনি বিষয়া অসীম বৰুৱা, উপ-পৰিদৰ্শক অচ্যু বৰুৱা, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নৰ নাথ গোহাঁইৰ তত্বাৱধানত জিলাখনৰ সকলো চি. আৰ. চি.চি তথা বিদ্যালয়ৰ প্ৰধান শিক্ষক সকলৰ সৱল নেতৃত্বত প্ৰতিখন বিদ্যালয়ত পাৰদৰ্শী ব্যক্তিৰ উপস্থিতিত স্বাস্থ্য ৰক্ষাৰ বাবে হাত ধোৱাৰ প্ৰয়োজনীয়তা সম্পকে আলোচনা কৰা হয়।

প্ৰতিখন বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ পূৰ্বে আৰু পিছত শিক্ষক-শিক্ষয়িত্ৰী, মাতৃগোটৰ সদস্যা আৰু অভিভাৱকৰ উপস্থিতিত চাবোন ব্যৱহাৰ কৰি হাত ধোৱাৰ কৌশল অভ্যাস কৰা হয়। উল্লেখযোগ্য যে, চিলাকলা-২ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়তো পাৰদৰ্শী ব্যক্তিৰ উপস্থিতিত স্বাস্থ্য ৰক্ষাৰ বাবে হাত ধোৱাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা হয়। প্ৰধান শিক্ষক জিতুল বৰাই ছাত্ৰ-ছাত্ৰীৰ আগত ‘বিশ্ব হাত ধোৱা দিৱস’ৰ তাৎপৰ্য ব্যাখ্যা কৰে।

চিলকলা-২ মণ্ডল কেন্দ্ৰ সমন্বয়ক ৰুপজ্যোতি শইকীয়া পাৰদৰ্শী ব্যক্তি হিছাপে উপস্থিত থাকে আৰু ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি বক্তব্য ৰাখে। বিদ্যালয়খনৰ সহ:শিক্ষয়িত্ৰী জোনমনি দেৱী ভাগৱতীয়ে ছাত্ৰ-ছাত্ৰীক এই বিষয়ত সাৱলীল ভাবে বুজাই কয়।

বিদ্যালয় খনত মধ্যাহ্ন ভোজনৰ পূৰ্বে বিদ্যালয়ৰ ৰান্ধনী কৰ্মী আৰু মাতৃ গোটৰ সদস্যা সকলে ছাত্র-ছাত্ৰী সকলৰ আগত হাত ধোৱাৰ কৌশল অভ্যাস কৰে। বিদ্যালয়খনৰ এনে পদক্ষেপ প্ৰশংসনীয় ।













