ASSAM TIMES POST
গুৱাহাটীঃ অহা ২১ অক্টোবৰত অসমৰ ৪ টা সমষ্টিকে প্ৰমুখ্য কৰি দেশৰ ১৭ খন ৰাজ্যৰ ৫১ টা বিধান সভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত মঙলবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে এক্সিট পুল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে।
সেই অনুসৰি ২১ অক্টোবৰৰ পুৱা ৭ বজাৰপৰা ৬.৩০ বজালৈ কোনো সংস্থাই এক্সিট পুলৰ সমীক্ষা প্ৰকাশ কৰিব নোৱাৰিব। উল্লেখ্য যে উক্ত দিনটোতে হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ নিৰ্বাচনো অনুষ্ঠিত হ’ব। সেয়ে এই দুখন ৰাজ্যৰ ক্ষেত্ৰটো নিৰ্বাচন আয়োগৰ একে নিৰ্দেশনাই প্ৰযোজ্য হ’ব।













