ASSAM TIMES POST
গুৱাহাটীঃ কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে মঙলবাৰে বিনামূলীয়া বাছ সেৱাৰ শুভাৰম্ভ কৰা হয়। সেয়ে এতিয়াৰেপৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৩৪ আসনযুক্ত এখন বাছেৰে ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়খনলৈ অহা-যোৱা কৰিব পাৰিব। মঙলবাৰে বিশ্ববিদ্যালয় চৌহদত এই বাছখনৰ যাত্ৰাৰ ফ্লেগ অফ কৰে উপাচাৰ্য ভৱেশ চন্দ্ৰ গোস্বামী, পঞ্জীয়ক দিগন্ত কুমাৰ দাসে।
ইয়াত শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। মঙলবাৰৰপৰা পৰৱৰ্তী ৬ মাহলৈ পৰীক্ষামূলকভাৱে এই বাছ সেৱা চলিব। ইয়াৰ পিছত আৰু অধিক বাছ এই সেৱাত অন্তৰ্ভুক্ত কৰা হ’ব। বিশ্ববিদ্যালয়খন খোলা থকা দিনত এই বাছখনে পুৱা ৮ বজাত ভঙাগড়ৰপৰা যাত্ৰা আৰম্ভ কৰি গণেশগুৰি, কাহিলীপাৰা, বেতকুচি, লালগণেশ, আৰ্য বিদ্যাপীঠ কলেজ, পল্টনবজাৰ হৈ বিশ্ববিদ্যালয়ত উপস্থিত হ’ব। আকৌ পুৱা ৯.৩০ বজাত বিশ্ববিদ্যালয়ৰ সমীপৰপৰা যাত্ৰা আৰম্ভ কৰি ভৰলুমুখ, মালিগাঁও, আদাবাৰী, জালুকবাৰী, গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত হৈ পুনৰ কটন বিশ্ববিদ্যালয়লৈ ঘূৰি আহিব।
দুপৰীয়া ১২.৩০ বজাৰ লগে লগে বাছখনে পুনৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱাসৰ সমীপৰপৰা গুৱাহাটী ক্লাব, উলুবাৰী, গণেশগুৰি, লাষ্টগেট, ছয় মাইলত উপস্থিত হৈ পুনৰ গণেশগুৰি, গুৱাহাটী কমাৰ্ছ কলেজ, চানমাৰি, গুৱাহাটী ক্লাব হৈ কটন বিশ্ববিদ্যালয়ত উপস্থিত হ’বহি। বিয়লি ৩.১৫ বজাত বাছখনে কটন বিশ্ববিদ্যালয়ৰপৰা গুৱাহাটী ক্লাব, উলুবাৰী, ভঙাগড়, গণেশগুৰি, কাহিলীপাৰা, বেতকুচি, লালগণেশ, আৰ্য বিদ্যাপীঠ কলেজ হৈ পল্টন বজাৰত উপস্থিত হ’ব আৰু ইয়াৰ লগে লগে এদিনৰ যাত্ৰা অন্ত পৰিব। উল্লেখ্য, ইয়াৰ পূৰ্বেও কটন বিশ্ববিদ্যালয় (তেতিয়াৰ কটন কলেজ)ত বিনামূলীয়া বাছ সেৱা প্ৰৱৰ্তন কৰা হৈছিল।













