![]()
একেৰাহে ছয়দিন দৈনিক কৰোনা আক্রান্তৰ সংখ্যা দুহাজাৰৰ অধিক। দেওবাৰে দৈনিক আক্রান্তৰ সংখ্যা আছিল ২ হাজাৰ ৫৯৩। সোমবাৰে সেয়া সামান্য কমি হৈছে ২,৫৪১।
কেন্দ্রৰ কোভিড বুলেটিন অনুযায়ী, দৈনিক সংক্রমণৰ বাঢ়ি হৈছে ০.৮৪ শতাংশ। সক্রিয় ৰোগীৰ সংখ্যা ১৬ হাজাৰ ৫২২ জন। বিগত ২৪ ঘণ্টাত মৃত্যুৰ সংখ্যা ৩০ জন। সুস্থ হৈছে ১,৮৬২ জন।
দেশজুৰি মুঠ ১৮৭ কোটি ৭১ লক্ষ ৯৫ হাজাৰ ৭৮১ টীকাকৰণ হৈছে। দেশত কৰোনা সংক্রমণৰ শীর্ষত আছে দিল্লী (১,০৮৩)। ইয়াৰ পিছত আছে হাৰিয়ানা (৪১৭), কেৰালা (২৮১) আৰু উত্তৰ প্রদেশ (২১২)।
বিশেষজ্ঞসকলৰ মতে, কৰোনাই পুনৰ মূৰ ডাঙি উঠিছে সমগ্ৰ বিশ্বত। এনে পৰিস্থিতিত কেনেদৰে কৰোনা মোকাবিলা কৰিব পৰা যায়, তাকে লৈ আলোচনা কৰিবলৈ অহা বুধবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভিডিও কনফাৰেন্সৰ জৰিয়তে ৰাজ্যসমূহৰ মুখ্যমন্ত্রীসকলৰ সৈতে আলোচনাত বহিব।












