ASSAM TIMES POST
গুৱাহাটীঃ শেহতীয়াভাৱে ইউআইডিএআই এ দেশৰ বিএছএনএলৰ গ্ৰাহক সেৱা কেন্দ্ৰসমূহত আধাৰ সেৱা কেন্দ্ৰৰো সংযোগ ঘটাইছে। ইয়াৰ ভিত্তিতে অসমৰ ভিন্ন প্ৰান্তত থকা ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ ৩৬ টা গ্ৰাহক সেৱা কেন্দ্ৰটো আধাৰ অন্তৰ্ভুক্তি সেৱা উপলব্ধ হ’ব।
বিএছএনএলৰ গুৱাহাটী, বৰপেটা, বঙাইগাঁও, ধুবুৰী, কোকৰাঝাৰ, নলবাৰী, ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাট, যোৰহাট, শিৱসাগৰ, মাজুলী, মৰিগাঁও, নগাঁও, হাফলং, হাইলাকান্দি, কৰিমগঞ্জ, তেজপুৰ, মঙলদৈ, ওডালগুৰি আদিৰ গ্ৰাহক সেৱা কেন্দ্ৰসমূহত জনসাধাৰণে আধাৰ সম্পৰ্কীয় সেৱাসমূহো লাভ কৰিব। ইয়াত ৰাইজে নতুন আধাৰ অন্তৰ্ভুক্তিকৰণ, নতুন আধাৰ কাৰ্ডৰ বাবে আবেদন, শুধৰণি আদি কৰিব পাৰিব।













