
অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুন বৰাক অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি নিযুক্ত কৰা হৈছে। তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় অধ্যক্ষ মমতা বেনাৰ্জীয়ে ৰিপুন বৰাক ৰাজ্যিক তৃণমূলৰ সভাপতি হিচাবে নিযুক্তি প্ৰদান কৰিছে। এক প্ৰেছ বিবৃত্তিত এই কথা প্ৰকাশ কৰিছে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে।
উল্লেখযোগ্য যে শেহতীয়াভাবে ৰিপুন বৰাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰে। ইতিমধ্যে ৰাজ্যৰ আন এগৰাকী কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহনদেৱৰ কন্যা সুস্মিতা দেৱে তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ লগতে দলটোৰ কেন্দ্ৰীয় সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছে।
আনহাতে, শেহতীয়াভাবে উত্তৰ-পূৰ্বাঞ্চলকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত তৃণমূলৰ সংগঠন শক্তিশালী কৰাৰ লগতে দলটো প্ৰসাৰৰ কাম আগবঢ়াই আছে। এতিয়া ৰিপুন বৰাৰ নেতৃত্বত তৃণমূল কংগ্ৰেছে ৰাজ্যত কেনে গতি লয় সেয়া লক্ষণীয় হ’ব।













