ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে মেচত ক্রিকেটৰ স্পিৰিট নষ্ট কৰাৰ বাবে শাস্তিৰ সন্মুখীন হ’ল ঋষভ পণ্ট, শার্দূল ঠাকুৰ আৰু প্রবীণ আমৰে। আইপিএলৰ কোড অব কন্ডাক্ট উলঙ্ঘন কৰাৰ বাবে ঋষভ পণ্টৰ মেচ ফিৰ ১০০ শতাংশ কৰ্তন কৰা হয়।
আইপিএলৰ কোড অব কন্ডাক্টৰ ২.৭ ধাৰাৰ দ্বিতীয় পৰ্যায়ৰ দোষত অভিযুক্ত ঋষভ পণ্ট। আইপিএলৰ কোড অব কন্ডাক্টৰ ২.৮ ধাৰাৰ দ্বিতীয় পৰ্যায়ৰ দোষত দোষী শার্দূল ঠাকুৰ।
তেওঁৰ ৫০ শতাংশ মেচ ফি কটা হ’ব। আইপিএলৰ কোড অব কন্ডাক্টৰ ২.২ ধাৰাৰ দ্বিতীয় পৰ্যায়ৰ দোষৰ শাস্তি হিচাবে ১০০ শতাংশ মেচ ফি কৰ্তনৰ লগতে এখন মেচত নির্বাসিত কৰা হ’ল দিল্লীৰ সহকাৰী প্ৰশিক্ষক প্রবীণ আমৰেক।
ঘটনাটি ঘটে মেচৰ অন্তিম অভাৰত। ৬ বলত দিল্লীৰ প্রয়োজন আছিল ৩৬ ৰান। প্ৰায় অসম্ভৱ যেনে লাগিছিল সেই সময়ত মেচত জয়লাভ কৰাটো। কিন্তু মেক কয়ৰ প্রথম তিনিটা বলত তিনিটা ছয় কোবাই নতুনকৈ আশাৰ সঞ্চাৰ ঘটায় পাৱেলে। কিন্তু তিনি নম্বৰ বলটোতেই ঘটে বিপত্তি।
ফুলটছ বলৰ উচ্চতা প্রায় কঁকাল পর্যন্ত থকাতো কিন্তু ন’ বল নিদিয়ে আম্পায়াৰে। ক্ৰিজত থকা দিল্লীৰ দুই বেটছমেনে ন’ বলৰ দাবী জনায়। কিন্তু তাত কর্ণপাত নকৰে আম্পায়াৰে। ডাগ আউটৰ পৰা ন’ বলৰ আবেদন জনোৱা দেখা যায় অধিনায়ক ঋষভ পণ্টসহ দিল্লীৰ বাকী সদস্যসকলে।
কিন্তু তৎসত্ত্বেও ন’ বল নিদিয়াত হাত বাউলি বাহিৰলৈ মাতে দুই বেটছমেনক। আম্পায়াৰক প্রভাবিত কৰিবলৈ ক্ৰিজলৈ পঠায় দিল্লীৰ সহকাৰী প্ৰশিক্ষক প্রবীণ আমৰেক। কিন্তু আম্পায়াৰ নীতিন মেননে খেল চলাই যোৱাৰ নির্দেশ দিয়ে। অৱশ্যে ঋষভ পণ্টৰ এই ব্যৱহাৰক ক্ৰিকেট মহলে গৰিহণা দিছে।