ASSAM TIMES POST
নগাঁও: চাৰিসুতি ,মনৰ ঢৌ, হিমাচল নীৰৱে কঁপে ,অপত্য ,জলস্তম্ভ, মন মন্দিৰ, খেতিয়কৰ জীৱন, ৰুণজুন নেপুৰ বাজে, মৌজোল আদি প্ৰায় একুৰিৰো অধিক গ্ৰন্থৰ ৰচয়িতা বৰ্ষীয়ান লেখিকা সৌজন্যময়ী ভট্টাচাৰ্যৰ আজি পুৱা ৮-৩০ বজাত নগাঁও চহৰৰ আমোলাপট্টিৰ নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৭ বছৰ।
১৯২২ চনত যোৰহাটৰ হাতীগড় চাহ বাগিছাত জন্ম গ্ৰহণ কৰা সৌজন্যময়ী ভট্টাচাৰ্যৰ শিক্ষা জীৱন তেজপুৰ, ডিব্রুগড়, নগাঁও গুৱাহাটী আদি ঠাইত অতিবাহিত হৈছিল । তেওঁৰ পিতৃ কুমুদেশ্বৰ বৰঠাকুৰ এগৰাকী স্কুল পৰিদৰ্শক হোৱাৰ উপৰি যশস্বী ৰহস্য সাহিত্যিক আছিল।
বাৰ বছৰ বয়সত অধিবক্তা তথা মুক্তিযোদ্ধা প্ৰমোদৰাম ভট্টাচাৰ্যৰ লগত বিবাহ পাশত আৱদ্ধ হোৱা সৌজন্যময়ী ভট্টাচাৰ্যই সৰুৰে সাহিত্য চৰ্চাত নিমগ্ন হৈ পৰিছিল। গুৱাহাটীৰ পানবজাৰ গাৰ্লছ হাইস্কুলত পঢ়ি থকাৰ সময়ত তেওঁ ‘কল্পনা’ নামেৰে হাতে লিখা আলোচনী এখন উলিয়াই ।
১৯৪৫ চনত অসমৰ সম্ভান্ত প্ৰকাশন গোষ্ঠী লয়াৰ্চৰ দ্বাৰা প্ৰকাশিত “মৌজোল” নামৰ শিশু গ্ৰন্থখনেৰে লেখিকা হিচাপে আত্ম প্ৰকাশ কৰা সৌজন্যময়ী ভট্টাচাৰ্যৰ ত্ৰিছখনৰো অধিক গ্ৰন্থ প্ৰকাশ পায়। তেওঁৰ প্ৰকাশিত গ্ৰন্থ হৈছে-জীৱনৰ চাৰিসুতি (গল্প) , মামনৰ ঢৌ (গল্প),হিমাচল নীৰৱে কপে( উপন্যাস) , অপত্য(উপন্যাস) , জলস্তম্ভ(উপন্যাস), মন মন্দিৰ (কবিতা), খেতিয়কৰ জীৱন (নৃত্য নাটিকা) ৰুণজুন নেপুৰ বাজে(নৃত্য নাটিকা) , মৌজোল(সাধু), আইতাৰ ফুলনি বাৰীৰ মৌ-মাত( শিশু গীত), পৰিৱৰ্তন(মহিলা নাট), বন্ধু (শিশু উপন্যাস) , যাদুকৰী বুঢ়ীৰ হাতত বলিৰাম (শিশু উপন্যাস) , সুগন্ধি মলয়া( ভ্ৰমণ কাহিনী) , বুৰঞ্জীমূলক নাটৰ পুথি- খনিকৰ, প্ৰবন্ধ সম্ভাৰ পুথি, ৰচনা সম্ভাৰৰ প্ৰথম খণ্ড আদি উল্লেযোগ্য।
‘কেতেকী’ তেওঁ ৰচনা কৰা এখন অন্যতম নাটক। ১৯৩২ চনত ৯ বছৰ বয়সতে কলিকতাত ৰেডিঅ’ৰ বাবে চেলোৰা কোম্পানীয়ে নিৰ্মান কৰা নাটকত অভিনয় আৰু গীত পৰিবেশন কৰিছিল।১৯৭৪ চনত নগাঁৱত লেখিকা সমাৰোহ গঠনত তেওঁ আগভাগ লয়।
১৯৮০ চনত নগাঁৱত সেৱাশ্ৰম নামৰ এক নাৰীকেন্দ্ৰিক অনুষ্ঠান গঢ় দি সামাজিক কাম কাজত জড়িত হে পৰা সৌজন্যময়ী ভট্টাচাৰ্যই নাৰীৰ সুৰক্ষা আৰু স্বাধীনতাৰ হকে মাত মাতি আহিছিল। জাতীয়তাবাদী চিন্তাধাৰাৰ এই গৰাকী সচেতন লেখিকাই ভাষা, খাদ্য, মাধ্যম, তেলশোধনাগাৰ, অসম আন্দোলনত নেতৃত্ব লৈছিল। অসম লেখিকা সংস্থাৰ লাবন্য হাজৰিকা আদৰ্শ মাতৃ বঁটাৰে সন্মানিত সৌজন্যময়ী ভট্টাচাৰ্যক জীৱন কালত ভালেসংখ্যক অনুষ্ঠানে সম্বৰ্ধনা জনায় ।
বৰ্ষীয়ান সাহিত্যিক গৰাকীৰ মৃত্যুত সমগ্ৰ নগাঁৱত শোকৰ ছাঁ পৰে বৰ্ষীয়ান লেখিকা সৌজন্যময়ী ভট্টাচাৰ্যৰ বিয়োগত অসম সাহিত্য সভাই গভীৰ শোক প্ৰকাশ প্ৰকাশ কৰে । অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই এক শোকবাৰ্তাত সুলেখিকা সৌজন্যময়ী ভট্টাচাৰ্যক নগঞা সাহিত্যিক সমাজৰ এগৰাকী আগশাৰীৰ নমস্য প্ৰতিনিধি বুলি উল্লেখ কৰি তেওঁৰ মৃত্যুৱে কলংপৰীয়া নগৰখনৰ বৌদ্ধিক ক্ষেত্ৰলৈ এক শূন্যতা নমাই আনিলে বুলি মন্তব্য দিয়ে ।
বিবৃতিটোত লেখিকাগৰাকীৰ বিদেহ আত্মাৰ পৰম শান্তি প্ৰাৰ্থনা কৰাৰ লগতে অসম সাহিত্য সভাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।
নগাঁও জিলা সাহিত্য সভা,নগাঁও জিলা ছাত্র সন্হা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি,কল্লোল সাংস্কৃতিক গোষ্ঠী, নগাঁও গ্ৰন্থ মেলা, নগাঁও প্ৰেছ ক্লাব, চন্দ্ৰজ্যোতি সংঘ, নগাঁও জিলা লেখিকা সমাৰোহ, সমলয় সাংস্কৃতিক গোষ্ঠী, আদিকে ধৰি ভালেসংখ্যক অনুষ্ঠানে বৰ্ষীয়ান লেখিকা গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ।
সৌজন্যময়ী ভট্টাচাৰ্যৰ মৃত্যুত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, বিধায়ক ৰূপক শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে ।মৃত্যুৰ সময়ত সাহিত্যিক গৰাকীয়ে ৫ পুত্র ,২ গৰাকী কন্যা, বোৱাৰি ,নাতি-নাতিনী সহ ভালেসংখ্যক আত্মীয়ক ইহসংসাৰত এৰি থৈ যায়।













