ASSAM TIMES POST
গুৱাহাটীঃ ভোটাৰ পৰিচয় পত্ৰৰ অনলাইন ভেৰিফিকেচনৰ সময়সীমা শনিবাৰে বৃদ্ধি কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। ইয়াৰ জৰিয়তে অসমৰ ভোটাৰেও বৰ্ধিত দিনৰ সুবিধা লাভ কৰিব।
আয়োগৰ সচিব অজয় কুমাৰে অসমৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ প্ৰেৰণ কৰা এখন পত্ৰত এই কথা সদৰী কৰে। ইয়াত উল্লেখ থকা অনুসৰি, ভোটাৰ আইডি কাৰ্ডৰ ভেৰিফিকেচনৰ সময়সীমা পূৰ্বৰ ১৫ অক্টোবৰৰপৰা ১৮ নৱেম্বৰলৈ বৃদ্ধি কৰা হয়।
মন কৰিবলগীয়া যে ৰাজ্যৰ বহুসংখ্যক ভোটাৰে তেওঁলোকৰ ভোটাৰ আইডি কাৰ্ডসমূহ ভেৰিফিকেচন নকৰাতে এই সময়সীমা বঢ়াই দিবলৈ বাধ্য হয় ভাৰতীয় নিৰ্বাচন আয়োগ।
উল্লেখযোগ্য যে ভাৰতীয় নিৰ্বাচন আয়োগৰ ‘ইলেক্টৰছ ভেৰিফিকেচন প্ৰগ্ৰেম’ অনুসৰি প্ৰতিটো পৰিয়ালৰ এজন ভোটাৰে এটা ইউজাৰনেম আৰু ইয়াৰ বিপৰীতে এটা পাছৱৰ্ড লাভ কৰিব আৰু তেওঁ পৰিয়ালৰ বাকী কেইজন ভোটাৰৰ এই প্ৰক্ৰিয়াৰ লগত জড়িত সকলো তথ্য আপল’ড কৰিব লাগিব। দেশৰ নিৰ্বাচন আয়োগে এই নতুন প্ৰক্ৰিয়াৰে দেশৰ সকলো ভোটাৰৰে আপডেট ল’ব।













